thumbnail

By

Published : Dec 13, 2022, 2:14 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Monalish art academay incentive: অভাৱী শিক্ষাৰ্থীৰ কাষত মনালিচা আৰ্ট একাডেমী

ধেমাজিৰ শিশুৰ শিক্ষাৰ অগ্ৰনী অনুষ্ঠান মনালিছা আৰ্ট একাডেমীয়ে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ(Monalish art academay incentive) ৷ আৰ্থিকভাৱে দুৰ্বল অভাৱী পৰিয়ালৰ মেধাৱী শিক্ষাথীসকলক নিৰ্বাচন কৰি পঢ়া-শুনাৰ বাবে কাগজ-কলম আনুসংগিক সামগ্ৰী যোগান ধৰাৰ লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ ছৱি অঁকা পাঠ্যক্ৰম সুবিধা(Free drawing course facility) কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে(Helping hand to students from needy families) ৷ ইয়াৰ বাবে ধেমাজি সদৰৰ পৰা নিলগৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ে বিদ্যালয়ে ভ্ৰমণ কৰে । লগতে সদৰৰ সমীপৰ বহুকেইখন বিদ্যালয়ত অনুষ্ঠিত কৰিছে বিশেষ মতবিনিময় অনুষ্ঠান । মঙলবাৰে ধেমাজি সদৰৰ শিক্ষাখণ্ডৰ অধীনৰ ৰূপনাথ ব্ৰহ্ম মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰছাত্ৰী আৰু শিক্ষকসকলৰ উপস্থিতত অনুষ্ঠিত কৰা বিশেষ মতবিনিময় অনুষ্ঠানত কেইবাগৰাকী ছাত্ৰছাত্ৰীৰ মাজত বহী কাগজ-কলম বিতৰণ কৰে ৷ লগতে ছবিৰ পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ চিত্ৰাংকন পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিব বুলিও ঘোষণা কৰে মনালিছা আট একাডেমীৰ অধ্যক্ষ প্ৰণৱ দিহিঙীয়াই ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.