শিলাবৃষ্টিয়ে তচ-নচ কৰিলে চহা কৃষকৰ সোণালী সপোন - heavy hailstorm in teok
🎬 Watch Now: Feature Video


Published : Dec 14, 2023, 12:09 PM IST
টীয়ক, 14 ডিচেম্বৰ : এতিয়া সোণগুটি চপোৱাৰ সময় ৷ গেৰধৰা ধানৰ থোকবোৰ এতিয়া পূৰঠ হৈছে ৷ ইয়াৰ মাজতে বুধবাৰে অহা এজাক শিলাবৃষ্টিয়ে বাৰুকৈয়ে চিন্তাত পেলাইছে চহা কৃষকসকলক। এয়া টীয়কৰ বলমা পথাৰৰ দৃশ্য। বুধবাৰৰ বিয়লিৰ পৰা হঠাৎ অহা প্ৰচণ্ড বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত বাৰকৈয়ে জুৰুলা হৈছে চহা কৃষকসকল।
হঠাৎ অহা শিলাবৃষ্টিয়ে তচ-নচ কৰিলে চহা কৃষকৰ সপোন । ভৰ আঘোণৰ বতৰত অহা বৰষুণজাকৰ পাচতেই মূৰে-কঁপালে হাত দিছে কৃষকে। ধান খেতিৰ সমান্তৰালকৈ ৰবি শস্যও তচ-নচ কৰিছে শিলাবৃষ্টিয়ে । পথাৰত দাই থোৱা ধান এতিয়া বৰষুণৰ পানীৰ তলত । ইপিনে ধান পকি আছে যদিও বৰষুণত তিতি যোৱাৰ ফলত এতিয়া দাবলৈ অসুবিধাত পৰিছে কৃষক ।
উল্লেখ্য যে, এই অঞ্চলৰ ৰাইজ কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ এই অৱস্থাই এতিয়া বিপাঙত পেলাইছে সাধাৰণ জনতাক ৷
লগতে পঢ়ক: ডিব্ৰুগড়ত শিলাবৃষ্টিয়ে দিলে কাশ্মীৰৰ আমেজ