আমগুৰিত প্ৰচণ্ড শিলাবৃষ্টি, গৃহহীন অৰ্ধ-শতাধিক পৰিয়াল

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:54 AM IST

Updated : Dec 14, 2023, 10:54 AM IST

thumbnail

আমগুৰি, 14 ডিচেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত বুধবাৰে নিশা প্ৰচণ্ড শিলাবৃষ্টি হয় ৷ শিলাবৃষ্টিৰ প্ৰকোপত গৃহহীন হৈছে অৰ্ধ-শতাধিক পৰিয়াল ৷ ইয়াৰ পিচতে পৰিয়ালসমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ জিলাখনৰ আমগুৰি, নামতি, ৰজাবাৰী, মিছাজান, বামুণপুখুৰী, দেওপানী, বৰাহীবাৰী, বৰশয়ক, বছাশয়ক অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছে ৷

শিলাবৃষ্টিয়ে বহু পৰিয়ালৰ টিনপাত ফুটাই পেলাইছে। শিলাবৃষ্টিৰ ফলত পথাৰৰ ধান, শাক-পাচলিৰো বিস্তৰ ক্ষতিসাধন হৈছে। কৃষকৰ পথাৰৰ ধানৰ লগতে বিলাহী, আলু, কবি খেতিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷ 

বৰ্তমানলৈ ক্ষতিগ্ৰস্ত লোকসকলৰ বুজ ল’বলৈ কোনো প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই বুলি অসহায় লোকসকলে ক্ষোভ উজাৰিছে । ক্ষতিগ্ৰস্ত লোকসকলে তেওঁলোকক সহায় কৰাৰ লগতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

ইফালে ৰাজ্যখনৰ ডিব্ৰুগড় জিলাৰ মৰাণ, খোৱাং আদি বহুকেইটা অঞ্চলতো বুধবাৰে নিশা শিলাবৃষ্টিৰ তাণ্ডৱ পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত শিলাবৃষ্টিয়ে দিলে কাশ্মীৰৰ আমেজ

Last Updated : Dec 14, 2023, 10:54 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.