Heated situation in Golaghat: শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - Golaghat Shaheed Kushal Konwar Civil Hospital
🎬 Watch Now: Feature Video
Published : Oct 15, 2023, 12:04 PM IST
গুৱাহাটী,১৫ অক্টোবৰ: শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি পুৱাই গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । চিকিৎসালয় কৰ্তৃপক্ষ আৰু কৰ্তব্যৰত নাৰ্চৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ । আৰক্ষী উপস্থিত হোৱাতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি । জানিবপৰা মতে গোলাঘাট কাছমাৰীৰ অনুপল চাংমা নামৰ লোকজনে তেওঁৰ ডেৰমহীয়া পুত্ৰ আৰন চাংমাৰ উশাহ-নিশাহ লোৱাত কষ্ট পোৱাত ১২ অক্টোবৰত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল ।
চিকিৎসকে শিশুটো পৰীক্ষা কৰাৰ পাছত শিশু ৱাৰ্ডতে চিকিৎসা কৰি আছিল । কিন্তু, ১৩ অক্টোবৰত পুনৰ অসুস্থ হৈ পৰাত শিশুৰ ICU ত ভৰ্তি কৰাই চিকিৎসকে । এদিন PICU ত ৰখাৰ পাছত সুস্থ হোৱাত পুনৰ ১৪ অক্টোবৰত শিশু ৱাৰ্ডলৈ প্ৰেৰণ কৰা হয় । পিছে দেওবাৰে পুৱা শিশুটিৰ মৃত্যু হয় । এইলৈ আত্মীয়ই নাৰ্চৰ গাফিলতিৰ বাবে মৃত্যু হোৱা বুলি অভিযোগ কৰিছে । ইয়াৰ বিপৰীতে চিকিৎসকে মাতৃৰ লগত শুই থাকোতে অসাৱধানতাৰ বাবে মৃত্যু হোৱা বুলি মন্তব্য কৰিছে । ইফালে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰিব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Woman assaulted for dowry: যৌতুকৰ দাবীত পত্নীক এচিড আক্ৰমণ