Protest in Manikpur : ৰাজহুৱা পথ বন্ধ কৰাক কেন্দ্ৰ কৰি মাণিকপুৰত শিক্ষাৰ্থীৰ প্ৰতিবাদ - ৰাজহুৱা পথ বন্ধ কৰাক কেন্দ্ৰ কৰি
🎬 Watch Now: Feature Video

মাণিকপুৰ, 8 মে’ : বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুকাবাৰীত এটা ৰাজহুৱা পথ বন্ধ কৰাক কেন্দ্ৰ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি হয় । অভিযোগ অনুসৰি দুটা ফৈদৰ কাজিয়াক কেন্দ্ৰ কৰি উভয় পক্ষ দুটাই গেৰুকাবাৰীৰ এখন মূলপথৰ দুই ঠাইত বন্ধ কৰি দিয়ে । যাৰ পৰিপ্ৰেক্ষিতত পথটোৰে চলাচল কৰা শিক্ষাৰ্থী, বেমাৰী আৰু গাড়ী-মটৰ আৰোহীসকল সমস্যাৰ মুখামুখি হয় (Heated situation for close road )।
সোমবাৰৰ পুৱাৰে পৰা বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত উত্তপ্ত প্ৰতিবাদৰ ফলত পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰ আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল অখিল কুমাৰ ৰায় (Heated situation in Manikpur)।
পৰৱৰ্তী সময়ত ৰাজহ চক্ৰৰ লাট মণ্ডল অখিল কুমাৰ ৰায়ে ৰাস্তাটো মুকলি কৰি দিয়াৰ পিচতহে উত্তপ্ত পৰিস্থিতিৰ শাম কাটে (Students protest in manikpur for road) ।
লগতে পঢ়ক : SCERT Scam : SCERT কেলেংকাৰীৰ অভিযুক্ত শেৱালি দেৱী শৰ্মাক গ্ৰেপ্তাৰ