NSCN-Assam Rifles clash: এন এছ চি এনে কাঢ়িলে অসম ৰাইফলছৰ জোৱানৰ বন্দুক - এন এছ চি এন
🎬 Watch Now: Feature Video

নাগালেণ্ডৰ ডিমাপুৰত নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ এন এছ চি এন (NSCN) আৰু অসম ৰাইফলছৰ (Assam rifles) মাজত সংঘটিত হৈছে সংঘাত (Argument between NSCN and Assam Rifles in Dimapur ) । শুকুৰবাৰে বিয়লি তৰ্কাতৰ্কিত লিপ্ত হয় এন এছ চি এন আৰু অসম ৰাইফলছৰ এটা দল ৷ NSCN(IM)ৰ এটা ডেজিগনেটেড শিবিৰত অসম ৰাইফলচৰ এটা দল শুকুৰবাৰে হঠাৎ অনাধিকাৰে প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এনে পৰিস্থিতিৰ । অসম ৰাইফলছৰ এটা দলে বিনা অনুমতিত শিবিৰটোত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল NSCN য়ে ৷ কিন্তু এই বাধা নামানি তৰ্কাতৰ্কিতহে লিপ্ত হয় অসম ৰাইফলছৰ সেনাই ৷ ইপিনে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত NSCN এ সেনাৰ তিনিটা বন্দুক কাঢ়ি লয় ৷ অৱশ্যে বন্দুককেইটা পিছত পুনৰ ঘুৰাই দিয়ে অসম ৰাইফলছক ।
Last Updated : Feb 3, 2023, 8:29 PM IST