Deprived health workers protest : চৰকাৰী কামৰ বোজাত আশাকৰ্মীৰ মৃত্যু ঘটাৰ অভিযোগ প্ৰতিবাদী আশাকৰ্মীৰ - health sector of assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-11-2023/640-480-19931422-thumbnail-16x9-vds.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 3, 2023, 3:04 PM IST
যোৰহাট, 3 নৱেম্বৰ: আশাকৰ্মীক নিৰ্যাতন চলোৱাৰ অভিযোগত যোৰহাটৰ ৰাজপথত শ শ আশাকৰ্মীৰ প্ৰতিবাদ ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰাপ্য মজুৰি বৃদ্ধি নকৰিলে লোকসভা নিৰ্বাচন বৰ্জন দৰে কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰতিবাদী আশাকৰ্মীৰ ৷
যোৰহাট নগৰৰ মাজেৰে সমদল উলিয়াই যোৰহাট যুটীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আশাকৰ্মীসকলে । প্ৰতিবাদী কৰ্মচাৰীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আশা কৰ্মীসকলৰ মূৰত অতিৰিক্ত কামৰ বোজা জাপি দি নিৰ্যাতন চলাই আহিছে বুলি উল্লেখ কৰি কামৰ বোজা সহিব নোৱাৰি আৰু হৃদক্ৰিয়া বন্ধ হৈ আশাকৰ্মীৰ মৃত্যু ঘটা বুলিও তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায় প্ৰতিবাদী আশাকৰ্মীসকলে ৷
NHM কৰ্মচাৰীসকলৰ দৰে আশা কৰ্মীসকলক সা-সুবিধা প্ৰদান কৰা, মাননিৰ পৰিৱৰ্তে প্ৰাপ্য মজুৰি প্ৰদান কৰা,পূৰ্বে প্ৰদান কৰা দিয়া সা-সুবিধা বাহালৰ দাবীত যুটীয়া স্বাস্থ্য সঞ্চালকয় কাৰ্যালয়ত প্ৰতিবাদী মিছিল উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে । দাবী পূৰণৰ বাবে পন্থা গ্ৰহণ নকৰিলে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জনায় প্ৰতিবাদকাৰীসকলে ৷