Health awareness programme in Dhemaji:ধেমাজিৰ বানপীড়িত অঞ্চলত স্বাস্থ্য বিভাগৰ বিশেষ দল

By

Published : Aug 9, 2023, 3:23 PM IST

thumbnail

ধেমাজি, ৯ আগষ্ট:বানত বিপৰ্যস্ত হৈছে ধেমাজিবাসী ৷ বিশেষকৈ জীয়াঢলৰ কাংকু সুঁতিৰ ধাৰাবাহিক বানৰ কবলত পৰিছে ৬খন গাওঁ ৷ সেইদৰে ৰাই নদী আৰু কামিয়া নৈৰ বাঢ়নী পানীৰ কবলত পৰিছে ধেমাজি লক্ষীপথাৰ গাঁও পঞ্চায়তৰ ২নং বৰুৱা লালুঙকে ধৰি বিস্তীৰ্ণ অঞ্চল ৷ বাৰিষা বানপানীৰ অঞ্চলত পানীৰ পৰা হ'ব পৰা ডায়েৰীয়া,জ্বৰ আদি বিভিন্ন বেমাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য় ৰাখি ধেমাজি স্বাস্থ্য বিভাগে তৎপৰতা অৱলম্বন কৰিছে ৷  

বানাক্ৰান্ত অঞ্চলত সেৱা প্ৰদানৰ বাবে গঠন কৰা বিশেষ স্বাস্থ্য দলে ইতিমধ্যে বানপানীৰ অঞ্চলত গৈ স্বাস্থ্য শিবিৰৰ জৰিয়তে সজাগতা সভা অনুষ্ঠিত কৰিছে । বেমাৰত আক্ৰান্ত সকলক পৰ্যাপ্ত ঔষধ যোগান ধৰি চিকিৎসা প্ৰদান কৰিছে ৷ এই বিষয়ে জনাইছে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাসে ৷

লগতে পঢ়ক:AASU stages protest against price hike: দুখীয়া ৰাইজক টুলুঙা মন্তব্যৰে ভেঙুচালি নকৰিবলৈ চৰকাৰক সকীয়নি আছুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.