দেৰগাঁও আদৰ্শ চিকিৎসালয়ৰ সকলো সমস্যা সমাধানৰ আশ্বাস স্বাস্থ্যমন্ত্ৰীৰ - Keshab Mahanta in Jorhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-01-2024/640-480-20431313-thumbnail-16x9-keshab.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 4, 2024, 10:35 PM IST
গোলাঘাট, 4 জানুৱাৰী: বৃহস্পতিবাৰে দেৰগাঁওস্থিত নাহৰডোঙা গ্ৰান্ট আদৰ্শ চিকিৎসালখন আকস্মিক পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ লগতে চিকিৎসকৰ সৈতে আলোচনা কৰে । সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়খন আৰু উন্নত মানৰ কৰাৰ প্ৰয়োজন আছে তথা যি খিনি সমস্যা আছে অতি সোনকালে পুনৰ কৰিব বুলি জানিবলৈ দিয়ে । ইয়াৰ উপৰিও সামূহিক চিকিৎসালয়সমূহ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিলে চিকিৎসকৰ সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।
চিকিৎসালয় সমূহত জনসাধাৰণৰ চিকিৎসাৰ প্ৰয়োজনীয় সা-সুবিধা সোনকালে পূৰণ কৰাৰ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । স্বাস্থ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে অগপ নেতা নুৰুল চুলতানে ৷ বুধবাৰে পুৱা দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত আহত সকলৰ স্বাস্থ্য বুজ ল’বলৈ বৃহস্পতিবাৰে পুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ এই ঘটনাটোত 12 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷
লগতে পঢ়ক: দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত