Keshab Mahanta at Tinsukia: তিনিচুকীয়াৰ মাকুমত নিৰ্মীয়মান আদৰ্শ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ - Keshab Mahanta Visited Tinsukia Medical College
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18503153-thumbnail-16x9-kk.jpg)
তিনিচুকীয়া, 14 মে’: দেওবাৰে তিনিচুকীয়াৰ মাকুমত নিৰ্মীয়মান আদৰ্শ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়চোৱাত চিকিৎসা মহাবিদ্যালয়খনৰ শেহতীয়া কাম-কাজৰ বুজ লোৱাৰ লগতে অহা বৰ্ষত মহাবিদ্যালয়খনত পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে (Keshab Mahanta Visited Tinsukia Medical College) ৷
পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষান প্ৰমুখ্যে তিনিচুকীয়া জিলাৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে (Tinsukia Medical College) ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰাৰ পাচতেই মাকুমস্থিত নাহৰ ভৱনত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সম্পাদক প্ৰবাল চেতিয়াকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তিৰ সৈতে মত-বিনিময় কৰে (Health Minister Keshab Mahanta) ৷ লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসকৰ অভাৱ হৈ থকা মাকুম হাপজান খণ্ড স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত চিকিৎসক নিয়োজিত কৰা বিষয়টো আলোচনা কৰিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে (Keshab Mahanta at Tinsukia) ৷
লগতে পঢ়ক: Arunodaya scheme in Goalpara: গোৱালপাৰাত অৰুণোদয়ৰ নামত ৱাৰ্ড কমিছনাৰৰ ধন সংগ্ৰহ