Dengue cases rise in Diphu: ডিফুত ডেংগু প্ৰতিৰোধৰ বাবে তৎপৰ স্বাস্থ্য বিভাগ - Dengue cases in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 27, 2023, 10:04 PM IST

ডিফু,২৭ জুন: ডিফু চহৰত অব্যাহত আছে ডেংগুৰ প্ৰকোপ ৷ ডিফু চহৰৰ বিৰলা, ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ বিপৰীতে শীতলাবাড়ী, শিৱবাড়ী আদি অঞ্চলতো ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷ জিলা স্বাস্থ্য বিভাগে ডেংগু আক্ৰান্ত অঞ্চলসমূহত ডেংগু বিয়পোৱা মহ মাৰিবলৈ ফ'গিঙকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷  

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ডেংগু সন্দৰ্ভত কয় যে, ডেংগু আক্ৰান্ত কিছু ৰোগীৰ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে যদিও তেওঁলোকৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ ৷ ডেংগুৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসালয়খনত পৰ্যাপ্ত ঔষধ-পাতিও আছে বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷ ডেংগুত আক্ৰান্ত চিআৰপিএফৰ একেটা পৰিয়ালৰ তিনিগৰাকী লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাবলৈ বিচৰাত তেওঁলোকক চিকিৎসালয়খনৰ পৰা যাবলৈ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে ৷ ডেংগু ৰোধ কৰিবলৈ চহৰখনৰ বাসিন্দা সকলক নিজ নিজ বাসগৃহ সমুহত পানী জমা থকা অঞ্চল সমূহ পৰিষ্কাৰকৈ ৰখাৰ বাবেও তেওঁ আহ্বান জনায় ৷ 

লগতে পঢ়ক: AJP meeting: বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যলৈ সহযোগিতা আগবঢ়াব অজাপই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.