Allegations against Headmaster: প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ১৪ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ - accused of embezzling over rs 14 lakh

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 13, 2023, 10:22 PM IST

ৰঙিয়া, 13 এপ্ৰিল : ৰঙিয়াৰ কানিকুছি নিজবড়িগোগ হাইস্কুলত বিয়াগোম কেলেংকাৰী । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীয়ে ১৪ লক্ষাধিক টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Head Mistress accused of embezzling 14 lakh) ৷ বিগত চাৰি বছৰ ধৰি নিজ ময়মতালিৰে প্ৰধান শিক্ষয়ত্ৰী আৰতি চৌধুৰীয়ে বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নয়ণৰ নামত অহা ধন, মধ্যাহ্ন ভোজনৰ ধন, ইউনিফৰ্মৰ নামত অহা ধন আত্মাসাৎ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে (Scam at Kanikusi Nijbarigog High School) ৷

অৱশেষত উপায়বিহীন হৈ ৰাইজে প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰঙিয়া মহকুমাধিপতিক ৰাজহুৱা অভিযোগ দাখিল কৰে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে পৰিচালনা সমিতিৰ লোকসকল আৰু অভিভাৱকসকলে একগোট হৈ বিদ্যালয়খনত উপস্থিত হৈ প্ৰধাম শিক্ষয়িত্ৰীগৰাকীক জবাবদিহি কৰে ৷ ইফালে কথা বিষম দেখি বিদ্যালয়ৰ পৰা পলায়ন কৰে প্ৰধান শিক্ষয়ত্ৰী আৰতি চৌধুৰীয়ে (Accused Head mistress escaped from school) ।  

আনহাতে প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে মধ্যহ্ন ভোজনৰ (Mid day meal scam) খাদ্য সামগ্ৰী ক্ৰয় কৰা দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি এতিয়ালৈ পৰিশোধ কৰা নাছিল সম্পূৰ্ণ মূল্য । যাৰ ফলত দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে এক লাখ চল্লিশ হাজাৰ টকা বাকী দি এতিয়া বিপদত পৰিছে । দোকানী জনে পাব লগীয়া ধন বিচাৰি আহিলে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে দাবী ধমকি দি পঠিয়াই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।  

লগতে পঢ়ক: Urea seized : বস্তাই বস্তাই চোৰাংভাৱে সৰবৰাহ কৰা ইউৰিয়া সাৰ জব্দ

অভিভাৱকসকলে বিদ্যালয় উন্নয়ণৰ কথা জানিব বিচাৰিলে প্ৰধান শিক্ষয়ত্ৰীৰ দুৰ্ব্যৱহাৰৰ লগতে ধমকি শুনিব লগা হয় । আনকি বিদ্যালয়খনৰ অন্য শিক্ষক-শিক্ষয়ত্ৰীসকলেও প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.