Dhemaji School Boom Blast :ধেমাজি বোমা বিস্ফোৰণত অভিযুক্তক দোষমুক্ত ঘোষণা ন্যায়ালয়ৰ - ধেমাজি বোমা বিস্ফোৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-08-2023/640-480-19345500-thumbnail-16x9-dhemaji.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 24, 2023, 3:23 PM IST
|Updated : Aug 24, 2023, 6:47 PM IST
ধেমাজি, 24 আগষ্ট : সমগ্ৰ দেশ কঁপোৱা 2004 চনৰ স্বাধীনতা দিৱসৰ ধেমাজিৰ বোমা বিস্ফোৰণ ক’লা অধ্যায়ৰ কাহিনী আজিও ওৰ পৰা নাই ৷ উল্লেখ্য যে নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সহযোগত নিৰ্মম আৰু ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত কৰা 14 অভিযুক্তৰ সাতজনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে এজন পলাতক, 4 জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু দুজনক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৷
সেই সকলৰ ভিতৰত মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল ৷ এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত 2019 চনত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰা ৰায়দানত অসন্তুষ্ট হৈ অভিযুক্তৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে গোচৰীয়া পক্ষৰ শুনানী সম্পন্ন হয় আৰু ৰায় প্ৰদান কৰে ন্যায়ালয়ে ৷ আজিৰ উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানত অভিযুক্ত 6 জনক দোষমুক্ত ঘোষণা কৰে ৷
লগতে পঢ়ক:Child Marriage: বাল্য বিবাহ আইন অমান্য কৰি ৰঙাঘৰলৈ যুৱক