thumbnail

Hajj pilgrim in Sivsagar: ধোদৰ আলিত হজযাত্ৰীক সম্বৰ্ধনা

By

Published : May 17, 2023, 8:42 PM IST

আমগুৰি,১৫ মে': ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকল হজ যাত্ৰাৰ বাবে পৱিত্ৰ মক্কা শ্বৰীফলৈ যাবলৈ সাজু হৈ উঠিছে (Muslims holy Hajj Yatra) । যাব লগা হজযাত্ৰীসকলৰ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে । শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি চাৰি আলি ধোদৰ আলি যুৱ জামাত, মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত নামতি চাৰি আলিৰ ধোদৰ আলিত অনুষ্ঠিত হয় হজযাত্ৰী সম্বৰ্ধনা অনুষ্ঠান ।  

বৃহত্তৰ নামতি অঞ্চলৰ ১৭ গৰাকীকৈ হজ যাত্ৰীক জনোৱা হয় বিশেষ সম্বৰ্ধনা(Hajj pilgrim felicitated at Dhodar Ali) । ধোদৰ আলি যুৱ জামাত আৰু মছজিদ পৰিচালনা সমিতিয়ে বিগত সময়ৰে পৰা এনেদৰে মক্কালৈ ৰাওনা হ'ব লগা হজ যাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছে (Hajj pilgrim in Sivsagar) । জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত শান্তি-সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰি ৰখাৰ বাবে এক ৰাজহুৱা দোৱা সম্পন্ন হয় । 

লগতে পঢ়ক: Process of regularization of school teachers: গুণোৎসৱত এ প্লাছ লাভ কৰা বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.