Krishnaguru Sevashram: কৃষ্ণগুৰুৰ নামেৰে মুখৰিত ধেমাজি সেৱাশ্ৰম - বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-09-2023/640-480-19482715-thumbnail-16x9-dhm-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 11, 2023, 12:54 PM IST
ধেমাজি, ১১ ছেপ্টেম্বৰ: জগতত আধ্যাত্মিক জ্ঞানেৰে শান্তি বিলাব পাৰি । এনে মহান উদ্দেশ্য আগত ৰাখি বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু প্ৰেমানন্দই তেওঁৰ ভক্ত সকলৰ সৈতে আহি সাক্ষাৎ দিয়া উদ্দেশ্যে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰা গুৰুজনাই ধেমাজি বাপুচাংস্থিত কৃষ্ণগুৰু শাখা সেৱাশ্ৰম, ধেমাজি চক্ৰত উপস্থিত হয় ৷
দেওবাৰে বিয়লি ২ বজাত গুৰু প্ৰেমানন্দই ধেমাজি চক্ৰত উপস্থিত পূৰ্বেই ভক্তসকলে শাৰী পাতি একনাম কীৰ্তনৰ জৰিয়তে কৃষ্ণগুৰু কৃষ্ণগুৰু উচ্চাৰণ কৰি গুৰুজনাক আদৰণি জনায় ৷ পৰৱৰ্তী সময়ত কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুৰ চৰণত ভক্ত সকলেসেৱা গ্ৰহণ কৰে ৷ ইফালে, ধেমাজি চক্ৰই গুৰুজনাৰ বাবে আছুতীয়াকৈ ৰখা গুৰুগৃহত ভক্তসকলৰ সৈতে বাৰ্তালাপ কৰে ৷
ৰাজ্য আৰু দেশৰ শান্তি আৰু যুৱ সমাজৰ উশৃংখলতা ৰক্ষাৰ বাবে আধ্যাত্মিক জ্ঞানে সকলোকে সংযমী হোৱাত সহায় কৰে বুলি ভক্তসকলে বিলাইছে কৃষ্ণ গুৰুৰজনাৰ অমৃত বাণী ৷
লগতে পঢ়ক:ABMSU central committee: শপত লৈয়েই বিটিচিত উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী এবিএমছুৰ নতুন সমিতিৰ