Mera bill mera adhikar:মৰিগাঁৱত আয়কৰ বিভাগৰ উদ্যোগত মেৰা বিল মেৰা অধিকাৰ শীৰ্ষক কাৰ্যসূচী - মেৰা বিল মেৰা অধিকাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 7:08 PM IST

মৰিগাঁও, 2 ছেপ্টেম্বৰ : মৰিগাঁও কৰ বিভাগত মেৰা বিল মেৰা অধিকাৰ শীৰ্ষক আঁচনি উদ্বোধন । মৰিগাঁও জিলাৰ কৰ বিভাগৰ কাৰ্যালয়ত এক গাম্ভীয্যপূৰ্ণ পৰিৱেশত শুকুৰবাৰে ভাৰত চৰকাৰৰ অধীনত সজাগতামূলক অভিযান অনুষ্ঠিত হয় । জিলা উপ-কৰ বিষয়া ৰন্টু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই আঁচনিখন উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই ।

লগতে পঢ়ক : Govt Launches New App: 'Mera bill mera adhikar' শীৰ্ষক এপ মুকলিৰ চৰকাৰৰ

আঁচনিখন উদ্বোধন কৰি তেওঁ এই আঁচনিৰ দ্বাৰা সাধাৰণ গ্ৰাহকসকল উপকৃত হোৱাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে, যিকোনো পঞ্জীকৃত দোকানৰ পৰা বস্তু সেৱা কৰ (জি এছ টি) অনুমোদিত বিলসমূহ গ্ৰাহকসকলে বিভাগীয় পৰ্টেলত আপলোড কৰি চৰকাৰে ঘোষণা কৰা লটাৰীৰ জৰিয়তে উপহাৰ লাভ কৰিব পাৰিব । আনহাতে এই আচঁনিখনৰ মুল উদ্দেশ্যে হৈছে যি সমূহ ব্যৱসায়ীয়ে ইতিমধ্যে চৰকাৰক কৰ ফাঁকি দি আহিছে সেইসমূহ ৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে বুলি জানিবলৈ দিয়ে বিষয়া সকলে । এই অনুষ্ঠানত মৰিগাঁও জিলা উপ কৰ বিষয়া ৰবীন্দ্ৰ নাৰায়ন গোস্বামী, চনদ ৰেখাপাল পংকজ জৈন, ৰাজেশ জৈনৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Mera bill mera adhikar:আজিয়েই ডাউনলোড কৰক "মেৰা বিল মেৰা অধিকাৰ" এপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.