Govt Launches New App: 'Mera bill mera adhikar' শীৰ্ষক এপ মুকলিৰ চৰকাৰৰ - GST
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-09-2023/640-480-19408438-thumbnail-16x9-app.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 1, 2023, 6:38 PM IST
গুৱাহাটী, ১ ছেপ্টেম্বৰ : গ্ৰাহকক সজাগ কৰিবলৈ চৰকাৰৰ বিশেষ পদক্ষেপ । 'Mera bill mera adhikar' শীৰ্ষক এপ মুকলি কৰিছে চৰকাৰে । ২০০ টকাৰ ওপৰত বস্তু ক্ৰয় কৰিলে আপুনি এপটোত দিব পাৰিব বিল আপলোড । এমাহত ২৫ খনকৈ বিল আপলোড কৰিব পাৰিব । তাৰ ওপৰত নোৱাৰিব । যাৰ জৰিয়তে আপুনি লটাৰী যোগে লাভ কৰিবলৈ সক্ষম হ’ব ১০ হাজাৰ, ১০ লাখ আৰু ১ কোটি টকা পৰ্যন্ত ।
তিনিমাহৰ মূৰত হ’ব বাম্পাৰ লটাৰী । এই লটাৰীত দুজনে ১ কোটি টকা লাভ কৰিব । ১০ হাজাৰ টকাৰ লটাৰী পুৰস্কাৰ আছে প্ৰায় ৮ টা আৰু ১০ লাখ টকাৰ পুৰস্কাৰ আছে ১০ টা । আপুনি বিলৰ লগতে দিয়া জি.এছ.টি ৰে চৰকাৰে লাভ কৰিব কৰ । যাৰ বাবে চৰকাৰৰো পুঁজি অৰ্জনত সহজ হ’ব । দেশৰ পাঁচখন ৰাজ্যৰ লগতে অসমতো আজি ১ ছেপ্টেম্বৰত এই এপ আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । মহানগৰীৰ ছয়মাইলস্থিত নয়নতৰা মাৰ্টখনত পত্নীৰ সৈতে বজাৰ কৰি GST বিল আপলোড কৰে অধ্যক্ষগৰাকীয়ে । লগতে অধ্যক্ষগৰাকীয়ে সকলোকে এই এপচ ব্যৱহাৰ কৰি বিল আপলোড কৰি কোটিপতি হ’বলৈ আহ্বান জনায় ।
লগতে পঢ়ক : Minister Pijush Hazarika : আন্তঃৰাষ্ট্ৰীয় অভাৰডোজ সজাগতা দিৱস উপলক্ষে বিশেষ অনুষ্ঠান