দলগাঁৱৰ অঙ্গক্ষত চাহ শ্ৰমিক ৰূপালী এক্কাক চৰকাৰৰ আৰ্থিক সাহাৰ্য - Govt financial assistance to Rupali Ekka
🎬 Watch Now: Feature Video


Published : Nov 18, 2023, 6:58 PM IST
দলগাঁও,১৮ নৱেম্বৰ : "মন্ত্ৰী আহিছে ভাল লাগিছে কিন্তু মোৰ হাতটো গ'ল । বেয়া লাগি আছে, হাতটো কোনে লগাই দিব ?" শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ সন্মুখতে এই মন্তব্য ভুক্তভোগী শ্ৰমিকৰ । শ্ৰমিকগৰাকীৰ আৱেগিক মন্তব্যৰ পাছতে মন্ত্ৰীগৰাকীয়েও শ্ৰমিকগৰাকীক চাহ বাগিচাত স্থায়ী নিযুক্তিৰ বাবে নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে যোৱা অক্টোবৰ মাহত চিকনমাটি চাহ বাগিচাৰ ফেক্টৰীত কাম কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ ৰূপালী এক্কা নামৰ যুৱতীগৰাকীয়ে হাতখন হেৰুৱাইছিল । শনিবাৰে চাহ বাগিচাত উপস্থিত হৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে দুৰ্ভগীয়া শ্ৰমিকগৰাকীক ৬ লাখ ৬২ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় । লগতে তেওঁ শ্ৰমিকগৰাকীক চাহ বাগিচাখনত স্থায়ী নিযুক্তি দিবলৈও কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।
সমান্তৰালকৈ চাহ বাগিচাৰ গধুৰ যন্ত্ৰপাতি থকা স্থানত মহিলা শ্ৰমিকক নিযুক্তি নিদিবলৈও তেওঁ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ যন্ত্ৰপাতি আদিও পৰিদৰ্শন কৰে আৰু শ্ৰমিকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে । মন্ত্ৰীগৰাকীৰ সৈতে চাহ বাগিচাত দৰং জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ লগতে শ্ৰম বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।
লগতে পঢ়ক :গোলাঘাট প্ৰেছ ক্লাৱত গীতৰ শুভমুক্তি