Surrender of juvenile sexual abuse accused: কিশোৰী যৌন নিৰ্যাতনৰ অভিযুক্ত ৱাজিদ হুছেইনৰ পত্নীসহ আত্মসমৰ্পণ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 6:35 PM IST

thumbnail

তিনিচুকীয়া,১ ছেপ্টেম্বৰ: কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইনে পত্নীসহ তিনিচুকীয়া সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷ বৃহস্পতিবাৰে নিশা ৱাজিদ হুছেইনে আত্মসমৰ্পণ কৰাৰ পাছতে শুকুৰবাৰে পুৱা আত্মসমৰ্পণ কৰে ৱাজিদৰ পত্নীয়েও ৷ আত্মসমৰ্পণ কৰাৰ পাছতে শুকুৰবাৰে পুৱাৰ পৰা দুয়োকে তিনিচুকীয়া আৰক্ষীয়ে মাৰাথন জেৰা চলাই ।  

ইয়াৰ পাছতে স্বাস্থ্য পৰীক্ষাৰ কৰাৰ কাৰণে দুয়োকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আত্মসমৰ্পণ কৰাৰ পাছতে যৌন নিৰ্যাতনৰ অভিযোগ অস্বীকাৰ কৰে ৱাজিদে ৷ লগতে অভিযোগকাৰীয়ে ষড়যন্ত্ৰ কৰি ৱাজিদৰ পৰা ১৫ লাখ টকা দাবী কৰিছিল বুলি উল্লেখ কৰে আৰু দাবী কৰা ধন দিব নোৱাৰাৰ বাবে কিশোৰী নিৰ্যাতনৰ নাটক ৰচনা কৰা বুলি অভিযুক্ত ৱাজিদে দাবী উত্থাপন কৰে ।  

লগতে পঢ়ক: Government employee suspended: কিশোৰী নিৰ্যাতনৰ অভিযোগত নিলম্বিত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.