Golaghat Triple murder update : বুধবাৰে গোলাঘাটত মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে - গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 25, 2023, 10:57 PM IST

গোলাঘাট, 25 জুলাই: গোলাঘাট চহৰৰ মাজমজিয়াত সংঘটিত ট্ৰিপল মাৰ্ডাৰ ঘটনাত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নৃশংস হত্যাকাণ্ডৰ পাচত মঙলবাৰে গোলাঘাটৰ দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগ ৷ ভুক্তভোগী পৰিয়ালটোৰ কণিষ্ঠ কন্যা অংকিতা ঘোষক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে ৷ অংকিতা ঘোষক সাক্ষাতৰ পিচতে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অজন্তা নেওগে ৷

ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি মন্ত্ৰী নেওগে কয়, ‘‘আমি মৰ্মাহত ৷ অতি দুৰ্ভাগ্যজনক ঘটনা ৷ এই ঘটনাৰ পাচতে মুখ্যমন্ত্ৰীয়ে মোক ফোন কৰি সমগ্ৰ ঘটনাৰ খবৰ লৈছে ৷ অসমৰ বাহিৰত থকাৰ বাবে ইয়ালৈ আহিব পৰা নাছিল ৷ কাইলৈ ইয়ালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই ঘটনাৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে ৷ CID য়ে তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে ৷’’

আনহাতে হত্যাকাণ্ডত পৰিয়ালৰ আন এজন লোক জড়িত আছে বুলি অংকিতা ঘোষে কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কাইলৈহে সকলো কথা প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:Golaghat Triple Murder case : চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.