thumbnail

২০ তম ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত জিলিকিল সৰুপথাৰৰ খেলুৱৈ

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 10:28 PM IST

৩০ ডিচেম্বৰ: গুৱাহাটীত অনুষ্ঠিত ২০ তম ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰা ধনশিৰি মহকুমাৰ ১৫ গৰাকী খেলুৱৈক আজি গৃহ জিলাত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখ্য় যে প্ৰশিক্ষক দৈৱ বসুমতাৰী আৰু গোলাপ দৈমাৰীৰ নেতৃত্বত গুৱাহাটীলৈ ৰাওনা হৈছিল এইখেলুৱৈসকল । আজি সৰুপথাৰত খেলুৱৈসকল উপস্থিত হোৱাৰ লগে লগে সৰুপথাৰ ৰেলৱে ষ্টেচনত খেলুৱৈসকলক গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।  

১৫ গৰাকী খেলুৱৈৰ ভিতৰত ৫ টা পদকেৰে গোলাঘাট জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমক্ষ হৈছে খেলুৱৈসকলে । এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছে ক্ৰমে বিবেক চাহু, ৰশ্মিতা কলিতাই । আনহাতে, ৰূপৰ পদক লাভ কৰিছে বন্ধনী খেৰিয়াই । তদুপৰি দুটা ব্ৰঞ্জৰ পদকেৰে উজ্বলিছে মহকুমাটোৰ ৫ গৰাকী খেলুৱৈ ।  প্ৰশিক্ষক দৈৱ বসুমতাৰীয়ে কয় যে অলিম্পিক বিজয়ী লাভলীনা বৰগোহাই, নয়নমণি শইকীয়াৰ দৰে খেলুৱৈৰ আদৰ্শৰে ক্ৰীড়া জগতত সৰুপথাৰৰ গৌৰৱ হ'ব এইসকল খেলুৱৈ । 

লগতে পঢ়ক:ৰামোজী ফিল্ম চিটীত নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.