গুৱাহাটী: ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা অসমীয়া ভাষাৰ উত্তৰণৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ পত্র প্ৰেৰণ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই । ইতিমধ্যে মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰা পত্রখন আজি সংবাদ মাধ্যমযোগে ৰাজহুৱা কৰে শইকীয়াই । তেওঁ অসমীয়া লিপিক মান্যতা দি ইউনিক'ডত ইয়াক স্বতন্ত্ৰ স্থান প্ৰদানৰ হেতু ভাৰত চৰকাৰক দাবী জনাবলৈ মুখ্যমন্ত্রীৰ প্ৰতি অনুৰোধ জনায় ।
মুখ্যমন্ত্রীলৈ দিয়া পত্রখনত তেওঁ কয়, "এই বছৰৰ অক্টোবৰ মাহত অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাবে স্বীকৃতি লাভ কৰাত আমি অতিশয় আনন্দিত হৈছোঁ । ধ্রুপদী ভাষাৰ স্বীকৃতিৰ যাত্ৰাপথত আপোনাৰ পৰা উপলব্ধ সক্রিয় সহযোগিতাৰ আন্তৰিক শলাগ লৈছোঁ । আপোনাৰ নিশ্চয় মনত আছে যে অসম সাহিত্য সভাৰ সভাপতি হিচাবে এটা সজাঁতি দলৰ নেতৃত্ব দি ২০২২ চনৰ মাজভাগত আপোনাক কাৰ্যালয়ত সাক্ষাৎ কৰি সাহিত্য সভাই ইতিমধ্যে ১৯/৩/২১ তাৰিখে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা ৩৯৪ পৃষ্ঠাৰ 'মেমোৰেণ্ডাম ফৰ গ্লাণ্টিং ক্লাছিকেল ষ্টেটাচ টু আছামিজ লেংগুৱেজ' নামৰ প্ৰতিবেদনখনৰ কথা অৱগত কৰিছিলোঁ । লগতে ভাৰত চৰকাৰলৈ প্ৰতিবেদনখনৰ সম্পৰ্কত আপোনাৰ দ্বাৰা পত্ৰ লিখাৰ অনুৰোধ জনোৱা হৈছিল ।"
শইকীয়াই পত্রখনত আৰু কয়, "সুখৰ কথা যে সেই অনুৰোধত সঁহাৰি দি আপুনি কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্র লিখে যাৰ নং DO No. CMO 1/2021/2628 dtd 1st of September 2022 (সহজ অৱলোকনৰ বাবে কপি লগত দিয়া হ'ল) । আপুনি এই পত্ৰখনত এনেদৰে উল্লেখ কৰে যে অসম সাহিত্য সভাৰ উচ্চস্তৰীয় সমিতিয়ে বিভিন্ন বিজ্ঞ ব্যক্তিৰ দ্বাৰা অসমৰ ইতিহাস, কলা, সংস্কৃতি, ভাস্কৰ্য আদিৰ সমল লৈ প্ৰস্তুত কৰা প্ৰতিবেদনখন ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু সাহিত্য অকাডেমিলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে । লগতে আপুনি দোহাৰে যে প্ৰতিবেদনখনে ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা ধ্রুপদী ভাষাৰ স্বীকৃতিৰ উপাদানসমূহ স্পষ্টকৈ দাঙি ধৰিছে আৰু সেয়ে অসমীয়া ভাষাক ধ্রুপদীৰ স্বীকৃতি দিবলৈ অনুৰোধ কৰে (আপোনাৰ কাৰ্যালয়ৰ পৰা ২৯/১০/২২ তাৰিখে আপোনাৰ এই পত্ৰৰ প্ৰতিলিপি সাহিত্য সভাৰ সভাপতিলৈও পঠিওৱা হয়) ৷"
অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে লগতে কয়, "সাহিত্য সভাৰ প্ৰতিবেদনক এনেধৰণে মান্যতা দি বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা আপোনাৰ পত্ৰৰ সম্পৰ্কত সাহিত্য সভাৰ পৰবৰ্তী কাৰ্যনিৰ্বাহকক অৱগত কৰোৱা হয় আৰু উপস্থিত সদস্যবৃন্দই কৃতজ্ঞতা প্রকাশ কৰে । সেইমর্মে ২০২৩ চনত দিল্লীত সাহিত্য অকাডেমিত অনুষ্ঠিত জুন মাহৰ বৈঠকত ভাষাবিদৰ উচ্চস্তৰীয় সমিতিত এই প্রতিবেদন দাখিল হয় বুলি সাহিত্য অকাডেমিৰ সম্পাদকে অসম সাহিত্য সভাৰ সভাপতিক পত্রযোগে অৱগত কৰে । ইয়াৰোপৰি এই বছৰৰ জুন মাহত পুনৰ আপুনি পত্ৰযোগে বিষয়টো ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰে ।"
"অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিয়ে পত্ৰৰ দ্বাৰা আমাক ধ্রুপদী ভাষাৰ স্বীকৃতিৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ অনুৰোধ জনোৱাৰ হেতু ২০২৪ চনৰ ৯ জুলাইত আমাৰ পত্ৰ যোগেও ভাৰতৰ প্রধানমন্ত্ৰীৰ এই বিষয়ত হস্তক্ষেপ বিচৰা হয় । ২৫ জুলাইত অনুষ্ঠিত ভাষাবিদৰ সমিতিৰ অনুমোদনৰ ওপৰত ভাৰত চৰকাৰে অন্য ৫টা ভাষাৰ সৈতে অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাবে ঘোষণা কৰে ২০২৪ চনৰ অক্টোবৰৰ ৪ তাৰিখে । ধ্রুপদী ভাষা ঘোষণাৰ পিছত আমাৰ দুয়োজনৰ টেলিফোনৰ বাৰ্তালাপত আপুনি আমাক জনোৱা অভিনন্দনক সাহিত্য সভাৰ নিষ্ঠাবান কৰ্মীসকলৰ সামূহিক প্ৰাপ্য হিচাবে গ্ৰহণ কৰিছোঁ । এনেদৰে বিভিন্ন শুভাকাংখী আৰু ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিগণৰ সহযোগত অসমীয়া ভাষাই এই যাত্রাপথৰ লক্ষ্যত উপনীত হোৱাৰ সময়ত আমাৰ লিপি আৰু ভাষা সাহিত্যৰ প্ৰসাৰ আৰু শ্ৰীবৃদ্ধিকৰণৰ হেতু সঘনাই উচ্চাৰিত হোৱা কেইটামান পৰামৰ্শ আপোনালৈ আগবঢ়োৱাই এই পত্ৰখনৰ উদ্দেশ্য ।" সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় ৷
পত্রযোগে তেওঁ মুখ্যমন্ত্রীলৈ পৰামৰ্শ আগবঢ়াই কয়, "অসমীয়া লিপিক মান্যতা দি ইউনিক'ডত ইয়াক স্বতন্ত্ৰ স্থান প্ৰদানৰ হেতু ভাৰত চৰকাৰক দাবী জনাব লাগে । ধ্রুপদী ভাষা স্বীকৃতিৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু পাবলগীয়া সুবিধাসমূহৰ অচিৰেই ব্যৱস্থা কৰিব লাগে । অর্থনৈতিক ক্ষেত্ৰৰ সৈতে আমাৰ ভাষাক সংযোজিত কৰি ইয়াৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানত চৰকাৰী চাকৰিত স্থানীয় যুৱক-যুৱতীৰ মকৰলৰ পথ সুচল কৰিব লাগে । ৰাজ্যিক ভাষা আইনৰ ব্যৱহাৰ নিশ্চিত হ'ব লাগে । শীঘ্ৰে অসমীয়া ভাষাৰ প্ৰাচীন সাহিত্যৰ গ্ৰন্থসমূহ ইংৰাজী আৰু বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদৰ ব্যৱস্থা হ'ব লাগে ।"
লগতে পঢ়ক: বড়োলেণ্ডবাসীৰ বাবে 'ভিজন ডকুমেণ্ট' নৱবৰ্ষৰ উপহাৰ: প্ৰমোদ বড়ো