মহীশূৰ: কৰ্ণাটকৰ পিৰিয়াপট্টনাত সংঘটিত এক নৃশংস হত্যাকাণ্ড । স্বাৰ্থসিদ্ধিৰ বাবেই পিতৃক হত্যা পাষাণ পুত্ৰৰ । বীমাৰ ধনৰ লোভত পিতৃক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলালে পুত্ৰই । কৰ্ণাটকৰ মহীশূৰ জিলাৰ পিৰিয়া পট্টানাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰক ।
পিৰিয়াপট্টানাৰ কোপ্পা গাঁৱৰ গেৰোচি কলনিৰ পাণ্ডু নামৰ যুৱকজনৰ বিৰুদ্ধে পিতৃ আনাপ্পাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল । বুধবাৰে পিৰিয়াপট্টনাৰ বাইউলুকুপ্পেৰ সমীপত সংঘটিত হৈছিল ঘটনাটো ।
বীমাৰ ধনৰ বাবে পিতৃৰ হত্যা:
জানিব পৰা মতে পিতৃ আনাপ্পাৰ নামত বীমা আঁচনি কৰা পুত্ৰ পাণ্ডুৱে সেই ধনৰ বাবে সংঘটিত কৰিছিল এই হত্যাকাণ্ড । পাণ্ডুৱে পিতৃক পিছফালৰ পৰা অনুসৰণ কৰি বাইউলুকুপ্পেৰ সমীপত লাঠিৰে তেওঁৰ মূৰত জোৰেৰে আঘাত কৰিছিল । যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আনাপ্পাই ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় । লগে লগে অভিযুক্ত পাণ্ডুৱে পিতৃৰ মৃতদেহ বি এম ৰোডৰ মানচাদেৱনাহাল্লিৰ ৰাস্তাৰ কাষত পেলাই দিয়ে । কিছু সময়ৰ পিছত, নিজেই আৰক্ষী চকীলৈ আহিছিল আৰু এটা কাহিনী ৰচনা কৰিছিল যে তেওঁৰ পিতৃয়ে এখন অজ্ঞাত বাহনৰ খুন্দাত মৃত্যুবৰণ কৰে ।
পাণ্ডুৱে দাখিল কৰা অভিযোগৰ পিছত উপ-পৰিদৰ্শক অজয় কুমাৰ আৰু তেওঁৰ দলে তেওঁৰ ওপৰত সন্দেহৰ ওপজাত তদন্ত আৰম্ভ কৰে । আৰক্ষীৰ জেৰাত অভিযুক্ত পাণ্ডুৱে পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে কয়,"তেওঁৰ পিতৃৰ নামত বীমা কৰোৱা আছে । সেয়েহে, দুৰ্ঘটনাত মৃত্যু হ'লে দুগুণ পৰিমাণ পোৱাৰ আশাৰে তেওঁ এই কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে ।"
ইফালে ভাতৃৰ বিয়োগত চৰম সিদ্ধান্ত গ্ৰহণ কৰে আনাপ্পাৰ জ্যেষ্ঠ ভাতৃ ধৰ্মাই । বৰ্তমান অভিযুক্ত পাণ্ডুক গ্ৰেপ্তাৰ কৰা বাইউলুকুপ্পে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।