thumbnail

By

Published : Sep 7, 2022, 1:30 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

বিশুদ্ধ পৰিৱেশৰ বাবে গোলাঘাটৰ অভ্ৰনীলে প্ৰস্তুত কৰিছে ডাষ্টবিন

জন্মদিন উদযাপনৰ নামত সচৰাচৰ দেখিবলৈ পোৱা ছবিখনৰ বিপৰীতে এক ব্যতিক্ৰমী ছবি ৷ পৰিৱেশ ৰক্ষাৰ উদ্দেশ্যৰে গোলাঘাটৰ এটি কণমানিয়ে নিজা উদ্ভাৱনী খতুৱাই ব্যতিক্ৰমীভাৱে উদযাপন কৰিছে নিজৰ ওপজা দিনটো ৷ কেক কাটি,বন্ধু-বান্ধৱৰ সৈতে উদযাপন কৰাৰ বিপৰীতে চৌপাশৰ পৰিৱেশটো স্বচ্ছ-নিকা কৰি ৰখাৰ উদ্দেশ্যৰে গোলাঘাটৰ তেলগৰমৰ অভ্ৰনীল কাকতিয়ে নিজৰ বিশেষ দিনটোত সাজি উলিয়াইছে ডাষ্টবিন । মিঠাতেল ভৰোৱা টিনৰ বাকচ সংগ্ৰহ কৰি নিজেই ৰং কৰি প্ৰস্তুত কৰিছে ডাষ্টবিন । চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত শিশুটিয়ে নিজে প্ৰস্তুত কৰি উলিওৱা ডাষ্টবিনবোৰ ঘৰৰ ওচৰৰ বিদ্যালয়, গাঁৱৰ বাটে-পথে স্থাপন কৰি সমাজলৈ আগবঢ়াইছে এক বিশেষ বাৰ্তা(Preparing dustbins for green society) ৷ দিল্লী পাব্লিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ পৰিৱেশ ৰক্ষাৰ হকে গ্ৰহণ কৰা এনে পদক্ষেপ তথা অগতানুগতিক চিন্তাই সমাজলৈ প্ৰেৰণ কৰিছে যোগাত্মক বাৰ্তা ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.