ETV Bharat / state

‘‘হাড়গিলা আৰ্মী’’ৰ সেনাপতি পূৰ্ণিমা বৰ্মন আৰু এক অসাধাৰণ যাত্ৰা - HARGILA ARMY

নিৰন্তৰভাৱে হাড়গিলা সংৰক্ষণৰ কামত নিয়োজিত হৈ অহা ‘‘হাড়গিলা বাইদেউ’’ হিচাপে পৰিচিত পূৰ্ণিমা বৰ্মনৰ ঐকান্তিক প্ৰচেষ্টা সন্দৰ্ভত এক আলোকপাত ।

conservationist Purnima Devi Barman
'হাড়গিলা আৰ্মী'ৰ সেনাপতি পূৰ্ণিমা বৰ্মন আৰু এক অসাধাৰণ যাত্ৰা (Facebook@PurnimaDeviBarman)
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2025, 7:49 PM IST

Updated : Feb 22, 2025, 1:25 PM IST

নিউজ ডেস্ক : বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে সংৰক্ষণবিদ পূৰ্ণিমা দেৱী বৰ্মনক টাইম আলোচনীৰ ‘‘উইমেন অব দ্য ইয়েৰ ২০২৫’’ তালিকাত স্থান দিয়া হৈছে । বিশেষভাৱে হাড়গিলা সংৰক্ষণৰ সৈতে জড়িত অসমৰ পূৰ্ণিমা দেৱী বৰ্মন হৈছে এই সন্মানীয় তালিকাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা স্থান লাভ কৰা ১৩ গৰাকী বিশিষ্ট মহিলাৰ ভিতৰত একমাত্ৰ ভাৰতীয় মহিলা ।

এই 13 গৰাকী বিশিষ্ট মহিলাৰ তালিকাত আছে ফ্ৰান্সৰ অভিনেত্ৰী নিক'ল কিডমেন আৰু গিছেল পেলিকট, যাক তেওঁৰ স্বামীয়ে বলপূৰ্বকভাৱে ড্ৰাগছ সেৱন কৰাইছিল । আনহাতে, যৌন উৎপীড়নৰ বিৰুদ্ধে বিশ্বজনীন চেলিব্ৰিটি হোৱাৰ পূৰ্বে তেওঁ 70 জনতকৈও অধিক পুৰুষৰ বলাৎকাৰৰ বলি হৈছিল ।

conservationist Purnima Devi Barman
সজাগতা অনুষ্ঠানৰ এক দৃশ্য (Facebook@PurnimaDeviBarman)

পূৰ্ণিমা দেৱী বৰ্মনৰ জীৱন আৰু কৰ্ম

ডঃ পূৰ্ণিমা দেৱী বৰ্মনৰ জন্ম কামৰূপ জিলাত । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পৰিস্থিতি বিজ্ঞান আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানক বিশেষভাৱে মনোনিবেশ কৰি প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল । 2007 চনত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰি থকা সময়ত পূৰ্ণিমা দেৱী বৰ্মনে এজন লোকে এখন ডাঙৰ চৰাইৰ বাহৰ সৈতে এডাল গছ কটা প্ৰত্যক্ষ কৰিছিল ।

conservationist Purnima Devi Barman
হাড়গিলা আৰ্মীৰ সদস্য (Facebook@PurnimaDeviBarman)

এই চৰাইৰ বাহখন আছিল হাড়গিলা চৰাইৰ বাহ । কিন্তু যেতিয়া তেওঁ অনুভৱ কৰে যে ইয়াৰ ফলত হাড়গিলাটোৰ এক অসহায় অৱস্থাৰ সৃষ্টি হৈছে, তেতিয়া তেওঁ নিজৰ পি এইচ ডি গৱেষণা স্থগিত ৰাখি স্থানীয় ৰাইজক ইয়াৰ পাৰিপাৰ্শ্বিক গুৰুত্বৰ বিষয়ে শিক্ষিত কৰিবলৈ উঠি-পৰি লাগে ।

‘‘হাড়গিলা আৰ্মী’’ গঠন

হাড়গিলা সংৰক্ষণৰ বাবে পূৰ্ণিমা বৰ্মনে চৰাইবিধৰ সম্পৰ্কত থকা স্থানীয় লোকৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰে । ইয়াৰ পিছতে এই কামত সহায় কৰিবৰ বাবে তেওঁ গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি এটা সংগঠন গঢ়ি তোলে । এই সংগঠনটোৰ নামেই হৈছে ‘‘হাড়গিলা আৰ্মী’’, যাৰ জৰিয়তে আজি পূৰ্ণিমা দেৱী বৰ্মন দেশ-বিদেশত চৰ্চিত আৰু সমাদৃত হৈ পৰিছে ।

conservationist Purnima Devi Barman
হাড়গিলা সংৰক্ষণৰ সজাগতা অনুষ্ঠানত অংশগ্ৰহণৰ মুহূৰ্ত (Facebook@PurnimaDeviBarman)

বৰ্তমান পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণৰ এক আন্দোলন ‘‘হাৰ্গিলা আৰ্মী’’ত প্ৰায় 20,000 মহিলা জড়িত হৈ আছে । তেওঁলোকে হাড়গিলাৰ বাহ থকা স্থানবোৰ সুৰক্ষিত কৰি ৰখাৰ বাবে কাম কৰি আছে । আনহাতে, বাহৰ পৰা পৰি আঘাতপ্ৰাপ্ত হোৱা হাড়গিলাবোৰক পুনৰ্বাসন আৰু কোনো হাড়গিলাৰ পোৱালি জন্ম হ'লে সেয়া উলহ-মালহেৰে উদযাপন কৰা হয় । লোকসংগীত, কবিতা, উৎসৱ আৰু নাটকতো সঘনাই এই বৃহৎ আকাৰৰ চৰাই হাড়গিলাৰ বিষয়বস্তু প্ৰদৰ্শন কৰি অহা হৈছে ।

conservationist Purnima Devi Barman
এগৰাকী বিদেশী পৰিৱেশকৰ্মীৰ সৈতে পূৰ্ণিমা বৰ্মন (Facebook@PurnimaDeviBarman)

কেৱল সেয়াই নহয়, পূৰ্ণিমা বৰ্মনে এই মহিলাসকলৰ বাবে বয়নশিল্পৰ বাবে তাঁতশাল আৰু সূতাৰো ব্যৱস্থা কৰি আহিছে । যাৰ ফলত তেওঁলোকে হাৰ্গিলা সংৰক্ষণৰ বাৰ্তা সন্নিৱিষ্ট বস্ত্ৰ উৎপাদন আৰু বিক্ৰী কৰিবলৈ সক্ষম হৈছে । এই উদ্যোগী প্ৰচেষ্টাৰ বাবে কেৱল চৰাইবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰাই নহয়, ইয়াৰ লগতে মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাও বৃদ্ধি কৰিছে । ফলত তেওঁলোকৰ জীৱিকা উন্নত কৰিছে আৰু এই হাড়গিলা সংৰক্ষণৰ কামত তেওঁলোক গৌৰৱেৰে অংশগ্ৰহণ কৰিছে ।

conservationist Purnima Devi Barman
হাড়গিলা সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে হাড়গিলাৰ মূৰ সন্নিৱিষ্ট মেখেলা-চাদৰ প্ৰদৰ্শন লণ্ডনৰ নেচাৰেল হিষ্টৰী মিউজিয়ামত (Facebook@PurnimaDeviBarman)

পূৰ্ণিমা বৰ্মনে হাড়গিলা সংৰক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ পিছৰে পৰা কামৰূপ জিলাৰ দদৰা, পচৰীয়া আৰু শিঙিমাৰী গাঁৱত হাড়গিলাৰ বাহৰ সংখ্যা পূৰ্বৰ 28 টাৰ পৰা 250 ৰ ওপৰলৈকে বৃদ্ধি পাইছে । লগতে ই বিশ্বজুৰি হাড়গিলাৰ সৰ্ববৃহৎ প্ৰজনন উপনিবেশ হিচাপে পৰিগণিত হৈছে । 2017 চনত পূৰ্ণিমা বৰ্মনে এই বিপন্নপ্ৰায় চৰাইবোৰক কণী পাৰিবৰ বাবে সুবিধা কৰি দিবলৈ ওখ বাঁহৰ ওপৰত বাহ সজা কাম আৰম্ভ কৰে । তেওঁৰ এই পদক্ষেপবোৰে কেইবছৰমান পিছত স্বীকৃতি লাভ কৰে, যেতিয়া এই পৰীক্ষামূলক বাহবোৰত প্ৰথমবাৰৰ বাবে হাড়গিলাৰ পোৱালিয়ে জন্মলাভ কৰে ।

পূৰ্ণিমা বৰ্মনে হাড়গিলা সংৰক্ষণৰ পদক্ষেপ হিচাপে চৰাইবিধৰ সুৰক্ষা আৰু সেইবোৰৰ বাসস্থান পুনৰ স্থাপনৰ কাম কৰি আহিছে । হাৰ্গিলা আৰ্মীয়ে গাঁৱৰ জনসাধাৰণক হাড়গিলাই বাস কৰা গছ আৰু আৰ্দ্ৰভূমি অঞ্চলৰ ওচৰত 45,000 গছপুলি ৰোপণ কৰাত সহায় কৰিছে । ইয়াৰ লক্ষ্য হৈছে ভৱিষ্যতে যাতে হাড়গিলাৰ সংখ্যা বৃদ্ধি কৰিব পাৰি । আনহাতে, অহা বছৰ অতিৰিক্ত 60,000 গছপুলি ৰোপণৰো পৰিকল্পনা কৰিছে । ইয়াৰ উপৰি মহিলাসকলে প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা মুক্ত কৰিবলৈ আৰু প্ৰদূষণ হ্ৰাস কৰিবলৈ নদীৰ পাৰত আৰু আৰ্দ্ৰভূমিত চাফাই অভিযানৰো আয়োজন কৰে ।

লগতে পঢ়ক :'হাড়গিলা বাইদেউ'লৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান - TIMES 2025 WOMEN OF THE YEAR
লগতে পঢ়ক :বাৰ্লিনত প্ৰদৰ্শিত হ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ ২’ - RIMA DAS VILLAGE ROCKSTAR 2

Last Updated : Feb 22, 2025, 1:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.