Jaundice in Guwahati: জি এম চি এইচত বৰ্তমান নাই জণ্ডিচ এজনো ৰোগী
🎬 Watch Now: Feature Video
গুৱাহাটী, 20 এপ্ৰিল : জণ্ডিচৰ বাতৰিয়ে শংকিত কৰি তুলিছে মহানগৰবাসীক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁও পৰিদৰ্শন কৰি জণ্ডিচ ৰোগৰ অৱস্থিতিৰ বুজ লয় (Jaundice in Guwahati) ৷ ইপিনে জণ্ডিচ সন্দৰ্ভত সকলোকে সতৰ্ক হৈ থাকিবলৈ কৈছে জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই । খোৱা পানীৰ ক্ষেত্ৰত সজাগ আৰু সচেতন হোৱাৰ বাবে আহ্বান জনাইছে অধীক্ষক শৰ্মাই ৷ তেওঁ ৰাইজক পানী উতলাই খোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷
উত্তৰ গুৱাহাটীৰ পৰা দুজন জণ্ডিচ ৰোগী GMCHলৈ আহিছিল যদিও তেওঁলোকৰ দেহত অন্য ৰোগো ধৰা পৰে বুলি মন্তব্য কৰে তেওঁ ৷ লগতে জানিবলৈ দিয়ে যে GMCH ত এতিয়া এজনো জণ্ডিচ ৰোগী ভৰ্তি হৈ থকা নাই (GMCH Superintendent speak on ongoing jaundice) । শুকুৰবাৰৰ পৰা উত্তৰ গুৱাহাটীত আৰম্ভ হ'ব জণ্ডিচ ৰোগক লৈ স্বাস্থ্য শিবিৰ (Guwahati jaundice news) ।
লগতে পঢ়ক : Mysterious Death: হাতীগাঁৱত মানসিকভাৱে অসুস্থ লোকৰ মৃতদেহ উদ্ধাৰ