Girls gang fight goes viral: নিশাৰ ৰাজপথত 7 যুৱতীৰ দুৰ্বাদল কাজিয়া - খণ্ড যুদ্ধৰ দৃশ্য
🎬 Watch Now: Feature Video

গুৱাহাটী, ১৩ জুলাই : নিশা হ’লেই একাংশ উশৃংখল লোকৰ উন্মত্ত আচৰণৰ থলী হৈ পৰে গুৱাহাটী মহানগৰী ৷ একাংশ যুৱক-যুৱতীৰ অসামাজিক আচৰণে সকলোকে মাজে মাজে স্তম্ভিত কৰি তোলে ৷ মহানগৰীত বুধবাৰে নিশা এজাক যুৱতীৰ উদ্ভণ্ডালিয়ে অতিক্ৰম কৰিলে চৰম সীমা ৷ ৭ গৰাকী যুৱতীৰ ৰাজপথৰ খণ্ড যুদ্ধই সকলোকে আচৰিত কৰি তুলিছে ৷
গুৱাহাটীৰ ছয়মাইলত যুৱতীকেইগৰাকীৰ খণ্ড যুদ্ধৰ দৃশ্য সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত দেখা গৈছে যে ৭ গৰাকী যুৱতীৰ ভিতৰত দুৰ্বাদল কাজিয়া লাগিছে ৷ চুলিত ধৰি যদি এগৰাকীয়ে কাৰোবাক চোঁচৰাই নিছে আন এগৰাকীয়ে চুলিত ধৰি জোকাৰিছে ৷ ঘটনাস্থলীৰ ওচৰতে এখন বাৰ থকালৈ লক্ষ্য কৰি যুৱতীকেইগৰাকী তাৰ পৰাই ওলাই অহা বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷
যুৱতীসকলৰ পৰিচয় এতিয়াও ওলোৱা নাই যদিও ৰাতিৰ মহানগৰীত ৭ গৰাকী যুৱতীৰ এই উদ্ভণ্ডালিৰ দৃশ্যই স্বাভাৱিকতে সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷
লগতে পঢ়ক: Minor Rape case: 13 বছৰীয়া কিশোৰীক ধৰ্ষণ 60 বছৰীয়া বৃদ্ধৰ