Viral girl of Nagaon: প্ৰতিমা পাণ্ডেৰ হস্তীৰ কন্যা গাই ভাইৰেল হোৱা কোন এই যুৱতী ?

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 8:32 PM IST

thumbnail

নগাঁও, ৩ ছেপ্টেম্বৰ: এইবাৰ ভাইৰেল হৈছে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠ । এগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰেমিমা চুলতানা আৰু আন গৰাকী শ্যামলিমা বৰা । নগাঁৱৰ এই দুই যুৱতীৰ কণ্ঠত ভাইৰেল হৈছে জনপ্ৰিয় লোকগীত । নগাঁৱৰ জাজৰিৰ ৰেমিমা চুলতানা আৰু মৰিকলঙৰ শ্যামলিমা বৰাৰ কণ্ঠত ভাইৰেল হৈছে জনপ্ৰিয় লোকগীত হস্তীৰ কন্যা ।

উল্লেখ্য় যে যুৱতী দুগৰাকীয়ে নগাঁও প্ৰেছ ক্লাৱত সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । প্ৰতি দেওবাৰে প্ৰশিক্ষক নিৰঞ্জন শইকীয়াৰ ব্যৱস্থাপনাত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৰেমিমা আৰু শ্যামলিমাই । কিন্তু প্ৰশিক্ষণৰত অৱস্থাতে লোকগীত পৰিবেশন কৰা যুৱতী দুগৰাকীৰ কণ্ঠই মুগ্ধ কৰিছে সকলোকে ।  

লগতে পঢ়ক: Silsako Beel eviction: শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত আপৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.