ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈ জিলিকিল টীয়কৰ শ্ৰেষ্ঠা

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:03 PM IST

thumbnail

টীয়ক,১৭ নৱেম্বৰ: পুনৰ ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠতম খিতাপ অৰ্জন কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়কৰ বামুণপুখুৰীৰ জীয়াৰী শ্ৰেষ্ঠা সুধা মহন্তই । সংস্কৃতিৰ বৰ পথাৰ যোৰহাটত সময়ৰ উদ্যোগত সদ্য আয়োজিত Miss Teen Grand Northeast শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি ২০২৩ বৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্য জগতৰ এই শ্ৰেষ্ঠ সন্মান লাভ কৰিছে ছাত্ৰীগৰাকীয়ে ।  

উল্লেখযোগ্য যে শ্ৰেষ্ঠাই ইতিমধ্য অসমৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ দখল কৰি বৰ্তমান নিজকে এগৰাকী উদীয়মান মডেল হিচাপে চিনাকী দিবলৈ সক্ষম হৈছে । শ্ৰেষ্ঠাৰ এই সফলতাত সমূহ টীয়কবাসী আনন্দিত হৈ ছাত্ৰীগৰাকীৰ লগতে পিতৃ প্ৰাঞ্জল মহন্ত আৰু মাতৃ নৱনীতা মহন্তক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত শ্ৰেষ্ঠাই অসমৰ অন্যতম ঐতিহাসিক সংস্কৃতি মুখা শিল্প তথা সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰি বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: মুক্তি পালে উদীয়মান গায়িকা অৰুন্ধতী গগৈৰ কণ্ঠৰ প্ৰথমটি গীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.