German Minister impressed with UPI: ভাৰতত UPI ব্যৱহাৰ কৰি সন্তুষ্টি প্ৰকাশ জাৰ্মান মন্ত্ৰীৰ

By

Published : Aug 20, 2023, 10:51 PM IST

Updated : Aug 21, 2023, 9:14 AM IST

thumbnail

নেশ্যনেল ডেস্ক, 20 আগষ্ট : জাৰ্মানীৰ ডিজিটেল আৰু পৰিবহনৰ ফেডাৰেল মন্ত্ৰী ভলকাৰ ৱিচিংয়ে ভাৰতত ইউপিআই ব্যৱহাৰ কৰি ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে ৷ প্ৰথমবাৰ ভাৰতত UPI ব্যৱহাৰ কৰি এই অভিজ্ঞতাৰ কথা জাৰ্মানীৰ দূতবাসে টুইটাৰত উল্লেখ কৰে ৷  

"ভাৰতৰ সফলতাৰ কাহিনীৰ ভিতৰত অন্যতম হৈছে ডিজিটেল আন্তঃগাঁথনি ৷ ইউপিআইয়ে সকলোকে ছেকেণ্ডত ধনৰ লেনদেন কৰিবলৈ সক্ষম কৰে ৷  লাখ লাখ ভাৰতীয়ই ইয়াক ব্যৱহাৰ কৰে ৷ ফেডাৰেল ডিজিটেল আৰু পৰিবহন মন্ত্ৰী ভলকাৰ ৱিচিংয়ে ইউপিআইত ধন পৰিশোধ কৰি অতি আকৰ্ষিত হৈছে," জাৰ্মান দূতাবাস ইণ্ডিয়াই টুইট কৰে ৷

জাৰ্মানী মন্ত্ৰীগৰাকীয়ে কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত জি-২০ ডিজিটেল মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত তেওঁক স্থানীয় বজাৰলৈ পাচলি ক্ৰয় কৰিবলৈ লৈ যোৱাৰ পিচত তেওঁ ইউপিআই ব্যৱহাৰ কৰি ধন পৰিশোধ কৰে ৷ ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ডিজিটেল অৰ্থনীতি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ডিজিটেল অৰ্থনীতিত তথ্য সুৰক্ষা আৰু ডিজিটেল দক্ষতাৰ ক্ষেত্ৰত জি-২০ ৰাষ্ট্ৰ আৰু অন্যান্য আমন্ত্ৰণপ্ৰাপ্ত দেশসমূহে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে ৷ 

লগতে পঢ়ক: Attempt to kidnap: বিদ্যালয়ৰ পৰা আহি থকাৰ পথত ছাত্ৰক অপহৰণৰ অপচেষ্টা

Last Updated : Aug 21, 2023, 9:14 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.