Upper Assam Mountaineering Association: উজনি অসম পৰ্বতাৰোহণ সন্থাৰ সাধাৰণ সভা - উজনি অসম পৰ্বতাৰোহন সন্থাৰ সাধাৰণ সভা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 30, 2023, 6:45 PM IST

মৰাণ,৩০ মে': দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লগতে উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে ২০১৭ চনত গঠিত উজনি অসম পৰ্বতাৰোহণ সন্থাৰ এখনি সাধাৰণ সভা সোমবাৰে মৰাণত অনুষ্ঠিত কৰা হয় (Upper Assam Mountaineering Association) । মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে ক্ৰীড়া সংগঠক বিজিত নেওঁগে (General Meeting of UAMA held in Moran) ৷  

সভাত এভাৰেষ্ট বিজয়ী নৱ ফুকন, টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° গিৰিণ ফুকন, জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰীৰ লগতে ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাৰ বহুকেইগৰাকী প্ৰতিনিধিয়ে বক্তব্য ৰাখে ৷ এই সভাতে শিৱসাগৰৰ নৱজ্যোতি চাংমাইক সভাপতি, ডিব্ৰুগড়ৰ হীৰেন গগৈক উপ-সভাপতি, চৰাইদেউৰ নৱকুমাৰ ফুকনক সম্পাদক হিচাপে লৈ উজনি অসম পৰ্ব্বতাৰোহী সন্থাৰ নতুন সমিতিখন গঠন কৰা হয় ৷ সভাত আগন্তক কাৰ্যসূচী সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ 

লগতে পঢ়ক: AEC students accident: এপল’ হাস্পতালত চিকিৎসাধীন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি ছাত্ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.