thumbnail

By

Published : May 27, 2023, 10:36 PM IST

ETV Bharat / Videos

Gecko Snake Rescude: বৰপেটাৰ হাউলীত কেকোঁ সাপসহ আটক চাৰি সৰবৰাহকাৰী

বৰপেটা, ২৭ মে’ : ৰাজ্যত এতিয়াও অব্যাহত আছে বন্যপ্ৰাণীৰ চোৰাং বেহা ৷ আৰক্ষী, বন বিভাগৰ কঠোৰ অভিযানৰ পাছতো বন্ধ হোৱা নাই বন্যপ্ৰাণীৰ চোৰাং বেহা (Wildlife smuggling in Assam) ৷  

বৰপেটাৰ হাউলীৰ জয়পুৰত উদ্ধাৰ দুস্প্ৰাপ্য কেকোঁ সাপ ৷ চোৰাংভাৱে বিক্ৰীৰ যো-জা চলাওতেই উদ্ধাৰ কৰা হয় দুস্প্ৰাপ্য কেকোঁ সাপডাল ৷ লগতে আটক কৰা হয়  4 টাকৈ সৰবৰাহকাৰী (Gecko Snake Rescued at Howly in Barpeta) ৷  

হাউলী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কেকোঁ সাপ ব্যৱসায়ৰ সৈতে জৰিত থকাৰ অভিযোগত ধুবুৰীৰ শ্ৰীগ্ৰাম গাঁৱৰ নুৰ আমিন হক , হাউলীৰ কুমলীয়াপাৰাৰ জয়নাল আবেদিন, দাৱিলায়াপাৰাৰ ৰাহুল আমীন আৰু চিৰাং জিলাৰ বাসুগাওৰ ফুলচান আলীক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে কেকোঁ সাপডালৰ দৰদাম চলি থকাৰ মাজতে হাউলীৰ জয়পুৰত স্থানীয় লোকে ৪ অভিযুক্তক আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে ৷ পিছত হাউলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কেকোঁ সাপডাল উদ্ধাৰ কৰাৰ লগতে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে (Gecko Snake Rescued) । 

লগতে পঢ়ক: Oil leakage: দুলীয়াজানত তেল পৰিবাহী পাইপ ফাটি খাৰুৱা তেল নিৰ্গমন, শংকিত ৰাইজ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.