thumbnail

By

Published : Aug 7, 2023, 3:07 PM IST

ETV Bharat / Videos

Gauripur mob lynching update: গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ মূল অভিযুক্ত আব্দুল গণিক গ্ৰেপ্তাৰ

ধুবুৰী, 7 আগষ্ট: ধুবুৰীৰ গৌৰীপুৰ APDCL কাণ্ডৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ। এতিয়ালৈকে মুঠ ৭ টাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গৌৰীপুৰ আৰক্ষীয়ে ৷ অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কঠোৰ নিৰ্দেশনাৰ পিচতেই গৌৰীপুৰ APDCL কাণ্ডৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছিল ধুবুৰী আৰক্ষীয়ে ৷

বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰুষোত্তম সিঙৰ নেতৃত্বত চলা এক অভিযানত সোমবাৰে গৌৰীপুৰ APDCLৰ বিষয়া কৰ্মচাৰীক আক্ৰমণৰ ঘটনাৰে জড়িত মূল অভিযুক্ত আব্দুল গণিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ পুৱা ৯ বজাত ধুবুৰী জিলাৰ লালকুৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুলক। আব্দুলক বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

এতিয়ালৈকে গৌৰীপুৰ আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৰছিদুল ইছলাম, মোস্তাকিম ৰহমান, মইনুল হক, হাফিজুৰ ৰহমান, ছামচুল হক, আশ্ৰাফ আলী আৰু আব্দুল গণিকে ধৰি সাতজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Gauripur mob lynching update: গৌৰীপুৰৰ গণপ্ৰহাৰকাণ্ডৰ মূল অভিযুক্ত আশ্ৰাফ আলীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.