Drive for cleaning in Nalbari: নলবাৰীত পৌৰসভাৰ জাবৰ পৃথকীকৰণ অভিযান

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 4:52 PM IST

thumbnail

নলবাৰী,২ নৱেম্বৰ: প্লাষ্টিক বৰ্জন তথা সঠিক ডাষ্টবিন ব্যৱহাৰ কৰি প্ৰদূষণমুক্ত আৰু জাবৰসমূহ নিষ্কাষণ কৰাৰ বাবে নলবাৰীত পৌৰসভাৰ তাৎক্ষণিক অভিযান । নলবাৰী চহৰৰ নলা-নৰ্দমা, ৰাজপথ, দোকান আদিৰ লেতেৰা আৰু অপৰিষ্কাৰ কদৰ্য আতৰাই চহৰখনক স্বচ্ছতাৰ দিশত আগুৱাই নিবলৈ বৃহস্পতিবাৰে অতৰ্কিতে এক অভিযান চলাই নলবাৰী পৌৰ সভাই । আজি চহৰখনত জিলা আয়ুক্ত বৰ্ণালী ডেকা , সহঃআয়ুক্তৰ লগতে পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, উপ-পৌৰপতি তথা কৰ্মচাৰীয়ে চলাই এই যুটীয়া অভিযান ।  

দোকান, হোটেল, চেলুন সকলোতে ভিজা আৰু শুকান দুটাকৈ ডাষ্টবিন ৰাখিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে । যিসকলে এই নিৰ্দেশ অনাগত সময়ত অমান্য কৰে পৌৰসভাৰ ফালৰপৰা বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও সদৰী কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই । উল্লেখযোগ্য যে নলবাৰী চহৰৰ একাংশ ব্যৱসায়ীয়ে ডাষ্টবিন ব্যৱহাৰ নকৰাকৈ চহৰখনৰ সৌন্দৰ্য বিনষ্ট কৰি আহিছিল । যাৰ বাবে পূৰ্বতেও জিলা প্ৰশাসন কিম্বা পৌৰসভাই অভিযান চলাই সতৰ্ক কৰি দিছিল । বৃহস্পতিবাৰে পুনৰ চহৰখনৰ সৌন্দৰ্য বৰ্দ্ধনৰে স্বচ্ছতাৰ দিশত আগুৱাই নিবলৈ পুনৰ তৎপৰ হোৱা পৰিলক্ষিত হয় পৌৰসভা আৰু প্ৰশাসনক ।

লগতে পঢ়ক: Golden jubilee of Lakhimpur Commerce College:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.