Operation against drugs: গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা - ব্ৰীফকেছত ওলাল প্ৰায় ২০ লাখ টকাৰ গাঞ্জা
🎬 Watch Now: Feature Video

গুৱাহাটী ৰেল ষ্টেচনত গাঞ্জা জব্দ (Ganza seized in Guwahati railway station)। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে অভিযান চলাই তাম্বাৰম এক্সপ্ৰেছৰ পৰা ৰেল আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪২ কেজি গাঞ্জা । জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ২০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ পৰা তামিলনাড়ু অভিমুখী ৰেলখনত ডিমাপুৰৰ পৰা দুটা ব্ৰীফকেছত অনা হৈছিল গাঞ্জাখিনি । ৰেল আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিলে যদিও আটক কৰিব নোৱাৰিলে সৰবৰাহকাৰীক । উল্লেখ্য যে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ তথা ব্যৱসায় ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যাপক অভিযান চলাই অহাৰ পিছতো ন ন কৌশল অৱলম্বন কৰি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে সৰবৰাহকাৰীয়ে (Operation against drugs) ।
Last Updated : Feb 3, 2023, 8:38 PM IST