thumbnail

Ganja Seized : গুৱাহাটী ৰে'লৱে ষ্টেচনত জব্দ ১৩০ কেজি গাঞ্জা

By

Published : Dec 16, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

গুৱাহাটী ৰে'লৱে ষ্টেচনত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized at Guwahati Railway Station)। ৰে'ল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ১৩০ কেজি নিষিদ্ধ গাঞ্জা (GRP seized Ganja in Guwahati)। ৮ টা বেগত গাঞ্জাখিনি ভৰাই ৰে'লেৰে সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল । শুকুৰবাৰে পুৱাই আৰক্ষীয়ে অভিযান চলাই নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । জব্দ হোৱা গাঞ্জাখিনি ডিমাপুৰৰ পৰা বিহাৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । জব্দ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় ১৩ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে । অৱশ্যে আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিছে যদিও এই সন্দৰ্ভত কোনো লোকক আটক কৰা হোৱা নাই ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.