Ganesh Visarjan 2023 : প্ৰথম পূজ্য ভগৱান শ্ৰীগণেশৰ বিসৰ্জনৰ বাবে সাজু মুম্বাইবাসী - ভগৱান গণেশক বিদায়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-09-2023/640-480-19626964-thumbnail-16x9-mumbai.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 28, 2023, 11:59 AM IST
নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : আজি অনন্ত চতুৰ্দশী ৷ আজি ম্লান পৰিব মায়া নগৰীৰ মুম্বাইৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ব্যস্ততা ৷ কিয়নো আজি বিসৰ্জন দিয়া হ’ব প্ৰথম পূজ্য ভগৱান শ্ৰীগণেশক ৷ ইতিমধ্যে মুম্বাইৰ বহু স্থানৰ গণেশ বাবাক বিসৰ্জনৰ বাবে সাজু কৰা হৈছে ৷
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, মুম্বাইৰ চৌপট্টিত ভগৱান গণেশক বিদায় দিবলৈ উপস্থিত হৈছে বহু সংখ্যক গণেশ ভক্ত । প্ৰথম পূজ্যক বিসৰ্জনৰ সময়ত যাতে কোনো অঘটন নঘটে বা এই জনসমাগম নিয়ন্ত্ৰণ আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ মুম্বাই আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ৷
নিৰাপত্তাৰ বাবে সমগ্ৰ মহানগৰীত মোতায়েন কৰা হৈছে ২০ হাজাৰ আৰক্ষী জোৱানক । লগতে ৭০০০ CCTV ৰ সহায়ত প্ৰতিটো দিশ নিৰীক্ষণ কৰা হৈছে । জানিব পৰা মতে, মুম্বাইত ৬০০ৰো অধিক বিসৰ্জন স্থানৰ নিৰ্ধাৰণ কৰা হৈছে ৷
লগতে পঢ়ক : Save Deepar Beel: পৰিভ্ৰমী পক্ষীৰ লগতে দীপৰ বিলত হ্ৰাস থলুৱা চৰাইৰ সংখ্যা