National Masters Athletics : মাষ্টাৰ্ছ এথেলেটিকছত ডিব্ৰুগড়ৰ গণেশ গগৈৰ ৫ স্বৰ্ণ পদক অৰ্জন - masters athletics

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 21, 2023, 6:32 PM IST

মৰাণ, ২১ ফেব্ৰুৱাৰী : কলকাতাত অনুষ্ঠিত ৪৩ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপ, ২০২৩-ত (43rd masters athletics championship 2023) অসমৰ খেলুৱৈয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । অসম দলক প্ৰতিনিধিত্ব কৰি পাঁচটাকৈ সোণৰ পদক লাভ ডিব্ৰুগড়ৰ বাণীপুৰৰ গণেশ গগৈৰ (Ganesh Gogoi won 5 gold medal in masters athletics) । পাঁচটা সোণৰ পদকেৰে অভিলেখ ৰচি দেশৰ শ্ৰেষ্ঠ খেলুৱৈৰ বিৰল সন্মান কঢ়িয়ালে এইগৰাকী দৌৰবিদে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈগৰাকীয়ে ক্ৰমে ২০০ মিটাৰ, ৪০০ মিটাৰ, ৪০০ মিটাৰ হাৰ্ড’লছ দৌৰত ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনাৰ লগতে ৪×১০০ মিটাৰ আৰু ৪×৪০০ মিটাৰ ৰিলে ৰেচতো সোণৰ পদক লাভ কৰিছে (masters athletics championship Kolkata) । উল্লেখযোগ্য যে, সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি, দুগৰাকী কন্যা সন্তানৰ পিতৃ গণেশ গগৈয়ে ২০১৯ চনতে মালয়েছিয়াত অনুষ্ঠিত এছিয়ান মাষ্টাৰ্ছ এথেলিকছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

তদুপৰি, ৪০ সংখ্যক অন্ধ প্ৰদেশত ২০২০ চনত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছতো তিনিটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, ২০২১ চনত মণিপুৰত অনুষ্ঠিত ৪১ত সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলিকছত ৪ টা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিছিল । ইয়াৰ উপৰি চেন্নাইত অনুষ্ঠিত ৪২ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ ছেম্পিয়নশ্বিপ, ২০২২-ত তিনিটা সোণ আৰু এটাত ৰূপৰ পদক অৰ্জনেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছিল গণেশ গগৈয়ে ।

ইফালে মঙলবাৰে পুৱাতেই গণেশ গগৈ আহি ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে তেওঁক উষ্ম আদৰণি জনায় । লগতে অভিলেখ সংখ্যক পদক লাভ কৰি হোৱা মনৰ অনুভৱ সংবাদ মাধ্যমৰ আগত তেওঁ ব্যক্ত কৰে । এই গৌৰৱ প্ৰাপ্তিত তেওঁ আবেগিক হৈ পৰে । আনহাতে, ইয়াৰ বাবে তেওঁ কৰা কষ্ট, ত্যাগ আৰু শ্ৰমৰ কথা উল্লেখ কৰি নৱ-প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক মনোনিবেশ কৰিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক :Mandhana Run Record T20 WC : চলিত টি-২০ বিশ্বকাপত স্মৃতি মান্ধানাৰ অভিলেখ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.