thumbnail

চকু মুদা কুলিৰ ভাৱত আৰক্ষী : চিত্ৰহাৰৰ নামত চলিছে জুৱাৰ লগতে অশ্লীল নৃত্য

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 2:04 PM IST

চামগুৰি, 9 জানুৱাৰী : নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ সমীপতে চিত্ৰহাৰৰ নামত চলিছে লক্ষাধিক টকাৰ জুৱাৰ লগতে অশ্লীল নৃত্য ৷ দেখি নেদেখা ভাও ধৰিছে আৰক্ষীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জুৰীয়া আৰক্ষী থানাৰ সমীপৱৰ্তী তেলীয়া বেবেজীয়াৰ বিলপাৰত চিত্ৰহাৰ অনুষ্ঠানৰ নামত জুৱাৰ লগতে অশ্লীল নৃত্য প্ৰদৰ্শন কৰা কাৰ্যই স্থানীয় লোকক ক্ষোভিত কৰি তুলিছে ৷ 

সোমবাৰে নগাঁও আৰক্ষীৰ এটা দলে অঞ্চলটোত অভিযান চলাই অভিযানত নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত ডাইচসহ তিনিটাকৈ কুখ্যাত জুৱাৰীক আটক কৰে ৷ যদিও বহুকেইটা জুৱাৰী পলাই সাৰিবলৈ সক্ষম হয় ৷ কিন্তু তাৰ পিচতো যেন গা ল’ৰা নাই চিত্ৰহাৰ কৰ্তৃপক্ষৰ ৷ পুনৰ সোমবাৰে নিশা জুৱা আৰু অশ্লীল নৃত্য অব্যাহত আছে ৷ 

ইফালে প্ৰথম অৱস্থাত চিত্ৰহাৰৰ অনুমতি নিদিবৰ বাবে আমছুৱে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু সেই পত্ৰকো কেৰেপ নকৰি চিত্ৰহাৰ চলাবলৈ দিয়াৰ লগতে জুৱা খেলৰ আড্ডাই এতিয়া সমগ্ৰ অঞ্চলটোত বিৰূপ প্ৰভাৱ পেলাইছে ৷ এতিয়া এই সমগ্ৰ বিষয়টোক লৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে নীৰৱ ভূমিকা গ্ৰহণ কৰাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: জ্যেষ্ঠ শিল্পী ভূপেন উজীৰ ICU ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.