বিলাসীপাৰাত মেলাৰ নামত চলিছে জুৱা খেলৰ ৰমৰমীয়া বেহা - শিঙিহীমাৰী গাঁৱত শিৱ মন্দিৰত মেলা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:27 PM IST

ধুবুৰী, ১৭ ডিচেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰাত মেলাৰ নামত চলিছে জুৱা খেলৰ ৰমৰমীয়া বেহা । বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত শিঙিহীমাৰী গাঁৱত শিৱ মন্দিৰ সৌজন্যত তিনিদিনীয়াকৈ অনুষ্ঠিত মেলাত একাংশ মন্দিৰ সমিতিৰ কৰ্মকৰ্তাই মেলাৰ গহনা লৈ চলাইছে ৰমৰমীয়া বেহা ।

ৰাইজৰ অভিযোগ অনুসৰি বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া, চক্ৰ আৰক্ষী বিষয়া, সাপটগ্ৰাম আৰু ৰাণীগঞ্জ আৰক্ষীক মেনেজ কৰি চলাই গৈছে ৰমৰমীয়া বেহা । ইপিনে, নিৰৱ ভূমিকা পালন কৰিছে ৰাণীগঞ্জ আৰু সাপটগ্ৰাম আৰক্ষীয়ে । জুৱা খেল বন্ধ কৰাৰ বাবে লক্ষীগঞ্জৰ যুৱ সমাজৰে বাৰে বাৰে প্ৰশাসনক অৱগত কৰাৰ পিছতো বন্ধ নহ'ল এই খেল । এই ক্ষেত্ৰত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিংহক জুৱা খেল বন্ধ কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:হেকাৰৰ কৱলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ফেচবুক পেজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.