thumbnail

ৰাজ্যত চাইবাৰ ক্ৰাইম থানা স্থাপনৰ পৰিকল্পনা অসম আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 7:26 PM IST

নলবাৰী,২ ডিচেম্বৰ : ৰাজ্যত সংঘটিত চাইবাৰ অপৰাধৰ ক্ষেত্ৰত উদ্বিগ্ন অসম আৰক্ষী । ইতিমধ্যে আৰক্ষীয়ে এইক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈছে যদিও এতিয়া আন্তঃগাঁথনি আৰু আৰক্ষীৰ প্ৰশিক্ষণৰ অভাৱ আছে । এই কথা স্বীকাৰ কৰিলে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । শনিবাৰে নলবাৰী সদৰ আৰক্ষী থানা পৰিদৰ্শন কৰি এই মন্তব্য কৰে জি পি সিঙে । আৰক্ষী অধীক্ষক জি পি সিঙে উল্লেখ কৰা মতে অহা ৫ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে এখনকৈ চাইবাৰ ক্ৰাইম থানা স্থাপনৰ পৰিকল্পনা কৰা হৈছে ।

উল্লেখ্য যে বাৰ্ষিক পৰিদৰ্শনৰ অধীনত শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানা পৰিদৰ্শন কৰে । লগতে তেওঁ থানাখনৰ আৰক্ষী বিষয়া আৰু জোৱানসকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয় ।

সংবাদ মাধ্যমৰ সন্মুখত তেওঁ পুনৰ এবাৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষীক সকীয়নি প্ৰদান কৰে । তেওঁৰ মতে কৰ্মৰ ফল সকলোৱে ভোগ কৰিব লাগিব । ইফালে আৰক্ষী চকী আৰু থানাসমূহৰ আন্তঃগাঁথনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে পৰ্যায়ক্ৰমে ৰাজ্যৰ আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰা হ'ব । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰা মতে অহা ৫ বছৰত ৰাজ্যৰ ১০০ শতাংশ আৰক্ষী চকী থানালৈ উন্নীত কৰাৰ পৰিকল্পনাও কৰিছে অসম আৰক্ষীয়ে ।

লগতে পঢ়ক :হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.