Food poison: পেকেট লাঞ্চৰ নামত সভাত খুৱালে ভেঁকুৰযুক্ত কেক - Food poison

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 19, 2023, 7:15 PM IST

টীয়ক, 19 জুলাই : যোৰহাট জিলাৰ টীয়কত ভয়ংকৰ ঘটনা ৷ টীয়কৰ কলিয়াপানীস্থিত কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক শিশু সুৰক্ষা সমিতি,অসমৰ উদ্যোগত আৰু যোৰহাট জিলা শিশু সুৰক্ষা গোটৰ সহযোগত শিশু শ্ৰমিক সুৰক্ষা সন্দৰ্ভত অনুষ্ঠিত হোৱা সভাত ব্যৱহৃত খাদ্যৰ বহু পেকেটত ভেঁকুৰ ওলোৱাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, যোৰহাট শিশু গোটৰ উদ্যোগত শিশু শ্ৰমিক নিয়োগ সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত হৈছিল ৷ সেই সভাত চাহৰ লগত খাবলৈ অনা হৈছিল  NON STOP কোম্পানীৰ Muffins কেক ৷ কেকটোৰ পেকেটৰ ওপৰত প্ৰস্তুত কৰা তাৰিখ ২৬/৬/২০২৩ বুলি উল্লেখ থকাৰ উপৰি তিনিমাহৰ ভিতৰত ব্যৱহাৰযোগ্য বুলি স্পষ্টকৈ উল্লেখ আছে ৷  

কিন্তু এক মাহ নৌহওঁতেই উক্ত কেকৰ বহু কেইটাত ভেঁকুৰ সৃষ্টি হোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সন্দেহ কৰা হৈছে ম্যাদ উকলা কেকসমূহ পুনৰ নতুনকৈ পেকেজিং কৰি বণিয়া গোষ্ঠীটোৱে বজাৰত বিক্ৰী কৰি আহিছে ৷ খাদ্য সামগ্ৰীক লৈ বণিয়া গোষ্ঠীৰ এনে কাণ্ডৰ বিৰুদ্ধে জিলা প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে ৷ ইতিমধ্যে এই কেক খোৱাৰ পিচত কিছু লোক অসুস্থ হৈছে বুলিও জানিব পৰা গৈছে ৷ 

ইপিনে এনে কেক বজাৰত বহুলভাৱে উপলব্ধ ৷ আজিকালি শিশুসকলৰ টিফিনত এইসমূহ কেক ব্যৱহাৰ কৰে অভিভাৱকে ৷ গতিকে শিশু তথা ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি এনে পেকেজিং খাদ্যই ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি এই ক্ষেত্ৰত অসম চৰকাৰৰ খাদ্য বিভাগক চকু দিবলৈ আহ্বান জনাইছে আছুৰ বিষয়াববীয়াই ৷

লগতে পঢ়ক:Illegal activities in hotel : 500 টকাৰ বিনিময়ত কোঠা ভাৰালৈ দিয়ে হোটেলৰ স্বত্বাধিকাৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.