thumbnail

By

Published : Jan 2, 2023, 10:31 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Freedom fighter Phula Chandra Gogoi: ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ল মুক্তি যুঁজাৰু ফুলচন্দ্ৰ গগৈৰ শেষকৃত্য

মুক্তি যুঁজাৰু ফুলচন্দ্ৰ গগৈ আৰু নাই (Phula Chandra Gogoi is no more) ৷ সোমবাৰে দেহাৱসান ঘটে ৰাজ্য চৰকাৰৰ মুক্তি যুঁজাৰু পেঞ্চনাৰ তথা শিৱসাগৰ জিলাৰ হাঁহচৰা জাঠিপতীয়া গাঁৱৰ নিবাসী মুক্তি যোদ্ধা ফুলচন্দ্ৰ গগৈৰ ৷ মৃত্যুৰ সময়ত ফুলচন্দ্ৰ গগৈৰ বয়স আছিল 102 বছৰ (Freedom fighter Phula Chandra Gogoi) ৷ দেশৰ স্বাধীনতা সংগ্ৰামত বলিষ্ঠ ভূমিকা পালন কৰা ফুলচন্দ্ৰ গগৈৰ মৃত্যুৰ বাতৰিয়ে শোকাস্তব্ধ কৰিছে সমগ্ৰ শিৱসাগৰবাসীকে ৷ 1920 চনৰ 2 এপ্ৰিলত শিৱসাগৰ জিলাৰ হাঁহচৰাৰ জাঠিপতীয়া গাঁৱত জন্ম গ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী ফুলচন্দ্ৰ গগৈয়ে 1935 চনত মহাত্মা গান্ধীৰ সান্নিধ্যও লাভ কৰিছিল । উল্লেখ্য যে, আজি ৰাজ্যিক মৰ্যাদাৰে নিজা বাস গৃহতে মুক্তি যোদ্ধাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় (Tribute to late Phula Chandra Gogoi) । প্ৰয়াত মুক্তি যুঁজাৰুগৰাকীৰ শেষকৃত্য অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.