Free training of UPSC and APSC: জোনাইত TMPK ৰ উদ্যোগত UPSC আৰু APSC ৰ বিনামূলীয়া প্ৰশিক্ষণ - Union Public Service Commission

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 5, 2023, 8:06 PM IST

জোনাই,৫ মাৰ্চ: জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ত জোনাই জিলা TMPK ৰ উদ্যোগত দেওবাৰৰ পৰা আৰম্ভ হৈছে UPSC আৰু APSC ৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ (Free training of UPSC and APSC in Jonai) । দেওবাৰৰ প্ৰথম দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত ধেমাজি জিলাৰ লগতে কেইবাখনো জিলাৰ পৰা প্ৰায় ৩০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে(Union Public Service Commission) । প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদী, জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতু পল্লৱ বৰুৱা, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলেৰ লগতে বহু কেইজন বুদ্ধিজীৱীয়ে(Assam Public Service Commission) ।  

প্ৰতি দেওবাৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচী তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব যদিও ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ সহাঁৰি পালে প্ৰশিক্ষণৰ ম্যাদ দীঘলীয়া কৰা হ'ব বুলি জানিবলৈ দিছে জোনাই জিলা TMPK ৰ সহকাৰী সম্পাদক দীনেশ পেগুৱে । পৰৱৰ্তী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ দলে, ধেমাজি জিলাৰ আৰক্ষী বিষয়া আবুটানি দলে, সহকাৰী আয়ুক্ত ত্ৰিলিনা টাইড, জোনাই মহকুমাৰ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, গৱেষক বিক্ৰম পেগু, চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চবিয়া পেগু, বালিপাৰা খণ্ড উন্নয়ণ বিষয়া BDO স্বৱনম পাদি আৰু ACS পুষ্পাঙ্কৰ পাতিৰে । 

লগতে পঢ়ক: Education Minister Ranoj Pegu: অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাত সংযোজিত হ’ল তিনিটাকৈ নতুন এপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.