Free teaching programme by Live Venture: নৱম দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পাঠদান সেৱা - নৱম দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পাঠদান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17229718-thumbnail-3x2-hjhbn.jpg)
ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে সততে কাম কৰি অহা শৈক্ষিক অনুষ্ঠান ’লাইভ ভেঞ্চাৰ ফাউণ্ডেচন’ৰ সৌজন্যত বামুনীমৈদামস্থিত নিউ গুৱাহাটী ৰেলৱৈ ক’লনী হাইস্কুলত শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠদান সেৱা (Free teaching services in Guwahati) । এই উপলক্ষে শুকুৰবাৰে বিয়লি নিউ গুৱাহাটী ৰেলৱে কলনী হাইস্কুল প্ৰাংগনত আয়োজন কৰা এক মুকলি অনুষ্ঠানত এই বিনামূলীয়া পাঠদান সেৱা আনুষ্ঠানিকভাবে মুকলি কৰে বিশিষ্ট শিক্ষাবিদ হেমন্ত গোস্বামীয়ে (Free teaching programme)। নিউ গুৱাহাটী ৰেলৱে কলনী হাইস্কুলৰ শিক্ষক মহীধৰ কলিতাই আঁত ধৰা অনুষ্ঠানত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ কলিতা, নিউ গুৱাহাটী ৰেলৱৈ ক’লনী হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কলিতা, লাইভ ভেঞ্চাৰৰ অৰূপ কুমাৰ শ্যাম, বিনোদ চন্দ্ৰ কলিতা আৰু তপন চন্দৰ লগতে শিক্ষাৰ্থীসকল আদি উপস্থিত থাকে । উল্লেখ্য যে, বিনামূলীয়া পাঠদান সেৱা বিদ্যালয় চৌহদত বিয়লি ৫ বজাৰ পৰা ৬.৩০ বজালৈ অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে লাইভ ভেঞ্চাৰ কৰ্তৃৃপক্ষই (Free teaching programme by Live Venture)।
Last Updated : Feb 3, 2023, 8:36 PM IST