মাজুলীৰ পোহাৰ দিয়া অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ - Rhinos spark panic

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 4:50 PM IST

মাজুলী, 15 জানুৱাৰী : মিনি কাজিৰঙালৈ যেন পৰিৱৰ্তন হৈছে সত্ৰপীঠ মাজুলী ৷ কেতিয়াবা যদি বাঘৰ আতংক, কেতিয়াবা আকৌ বনৰীয়া হাতীৰ আতংক ৷ এইবাৰ আকৌ গঁড়ৰ আতংক মাজুলীত ৷

মাজুলীৰ পোহাৰ দিয়া অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ৷ বিগত কেইবাটাও দিন এই অঞ্চলত গঁড়টোৱে বিচৰণ কৰি আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ মুক্তভাবে বিচৰণ কৰা গঁড়টোৰ দেহত তেজৰ চিন প্ৰত্যক্ষ কৰিছে কৰা বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদর্শীয়ে ৷

ইতিমধ্যে গঁড়ৰ উপস্থিতিৰ কথা জানিব পাৰি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে ৷ গঁড়ৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে মাজুলীৰ কেইবাটাও অঞ্চলত নাহৰফুটুকীয়ে স্থানীয় লোকৰ গৰু-ছাগলী বধ কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ 

লগতে পঢ়ক : শ শ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ সত্ৰানুষ্ঠানত ভোগালী উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.