Help for specially able people in Majuli: মাজুলীত কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপ শিবিৰ - Help for specially able people in Majuli
🎬 Watch Now: Feature Video
মাজুলী, ২৩ জুলাই:যিকোনো কাৰণত হাত ভৰি হেৰুওৱা সকলক কৃত্ৰিম হাত ভৰি লগোৱাৰ উদ্দেশ্যে মাৰোৱাৰী যুৱ মঞ্চৰ যোৰহাট শাখাই মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰত নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেচনৰ সৌজন্যত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ শিবিৰ অনুষ্ঠিত কৰিছে । মাজুলী মাৰোৱাৰী সমাজৰ সযোগত যোৱা ২১ জুলাইত আৰম্ভ হোৱা বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ শিবিৰৰ দেওবাৰে সামৰণি পৰিব ।
এই শিবিৰত মাজুলীৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে উজনী অসমৰ কেইবাখনো জিলাৰ লোকে অংশগ্ৰহণ কৰিছে । কৃত্ৰিম হাত ভৰি লগাবলৈ পাই মাৰোৱাৰী যুৱ মঞ্চক আশীৰ্বাদ দিলে বিভিন্নজনে । কৃত্ৰিম হাত আৰু ভৰি লগাবলৈ পাই আনন্দ লাভ কৰা বুলি কয় হিতাধিকাৰীসকলে ।
উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলে এই শিবিৰ। উল্লেখযোগ্য যে কৃত্ৰিম ভৰিৰ সংযোজন কৰি লোকসকলে সহজে খোজ কঢ়া, নৃত্য কৰা বা চাইকেল চলাব পাৰে বুলি কয় মাৰোৱাৰী যুৱ মঞ্চৰ বিষয়ববীয়াসকলে । উল্লেখযোগ্য যে সংগঠনটোৰ সামগ্ৰিকভাৱে এইটো দশম আৰু মাজুলীত প্ৰথম শিবিৰ।