thumbnail

By

Published : May 25, 2023, 10:04 PM IST

ETV Bharat / Videos

Free dental camp in Majuli : মাজুলীত বিনামূলীয়া দন্ত চিকিৎসা শিবিৰৰ আয়োজন

মাজুলী, 25 মে’ : বৃহস্পতিবাৰে মাজুলীৰ গায়ন গাঁও নৱজ্যোতি কৃষ্টি সংঘত আয়োজন কৰা হয় এক বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ (Free dental camp held in Majuli) ৷ মাজুলী ডেণ্টেল ক্লিনিক আৰু দুৱৰীয়া মেডিকেল হলৰ সৌজন্যত চাইন্স ফৰ চ'ছিয়েল ওৱেল ফেয়াৰ অসমৰ উদ্যোগত আয়োজিত এই বিনামূলীয়া দন্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ লগতে মাজুলীৰ বিভিন্ন স্থানৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰা দেখা যায় ।

এই পিছপৰা অঞ্চলৰ সাধাৰণ ৰাইজ উপকৃত হ’ব পৰাকৈ বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰাৰ বাবে ডাঃ প্ৰত্যুশ বৰদলৈৰ নেতৃত্বত অহা দলটোৰ শলাগ লয় স্থানীয় ৰাইজে । ইফালে চিকিৎসা বিভাগৰ দলটোৰ সদস্যই কয় যে আয়োজকসকলে সুন্দৰভাৱে আয়োজন কৰিছে এই চিকিৎসা শিবিৰটো ৷ লগতে অঞ্চলটোৰ ৰাইজেও চিকিৎসাকৰ্মীসকলক সুন্দৰভাৱে সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক : Miss Global India Sunshine Mega Teen 2023: ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং জগতত উজ্বলিল টীয়কৰ ৰিমজিম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.