ETV Bharat / state

এণ্ড্ৰিউ য়ুল কোম্পানীৰ চাহ শ্ৰমিকে লাভ কৰিব পূজাৰ বোনাছ : আশ্বাস কেন্দ্রীয় মন্ত্রী কুমাৰস্বামীৰ - Andrew Yule and Company - ANDREW YULE AND COMPANY

Tea Workers Puja Bonus : “অসমত এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানীৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বোনাছ প্রদানকে ধৰি অন্যান্য সমস্যাসমূহ সমাধানৰ ব্যবস্থা কৰা হৈছে ৷” গুৱাহাটীৰ বৰঝাৰত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্রীয় মন্ত্রী এইচ ডি কুমাৰস্বামীৰ ঘোষণা ৷

Tea Workers Puja Bonus
এণ্ড্ৰিউ য়ুল কোম্পানীৰ চাহ শ্ৰমিকে লাভ কৰিব পূজাৰ বোনাছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 10:52 PM IST

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : কেন্দ্ৰীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে অনিশ্চিত ভৱিষ্যতক লৈ শংকিত ৰাজ্যৰ প্ৰায় ৮০০০ চাহ শ্ৰমিকৰ বাবে আনিলে আশাৰ বতৰা । কেন্দ্ৰীয় মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সোমবাৰে গুৱাহাটীৰ বৰঝাৰত এক সংবাদমেল সম্বোধন কৰি আন আন বিষয়ৰ লগতে চাহ শ্ৰমিকৰ বোনাছ আৰু অসমৰ এণ্ড্ৰিউ য়ুল গ্ৰুপৰ মালিকানাধীন চাহ বাগিচাসমূহৰ বিত্তীয় সমস্যাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ আদি বিভাগৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থকা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, “অসমত এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানীৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বোনাছ প্রদানকে ধৰি অন্যান্য সমস্যাসমূহ সমাধানৰ ব্যবস্থা কৰা হৈছে ৷” লগতে তেওঁ অসমৰ এণ্ড্ৰিউ য়ুল গ্ৰুপৰ মালিকানাধীন চাহ বাগিচাসমূহে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু ইয়াৰ প্ৰভাৱ চাহ বাগিচাৰ শ্ৰমিকৰ উপাৰ্জনৰ ওপৰত পৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৷

চাহ শ্ৰমিকক আশ্বাস কেন্দ্রীয় মন্ত্রী কুমাৰস্বামীৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "অসমলৈ অহাৰ পূৰ্বে এণ্ড্ৰিউ য়ুল গ্ৰুপৰ শ্ৰমিকৰ সমস্যাৰ সৈতে জড়িত ফাইলৰ কাম সম্পন্ন কৰি আহিছে ।"

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ ১০ খন চাহ বাগিচাৰ শ্ৰমিকৰ বোনাছ, দৰমহাকে ধৰি বিভিন্ন সমস্যাৰ বাবে বিগত কেইবা সপ্তাহ ধৰি বাগিচাসমূহত প্ৰায় অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে । সেয়ে এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ বাগিচাসমূহৰ সমস্যাৰ বুজ লোৱাৰ বাবে অহা মাহত অথবা ডিচেম্বৰত নিজেই পুনৰ অসমলৈ আহিব বুলিও সংবাদমেলত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে ।

উল্লেখ্য, এই বিষয়টোৰ সমাধান বিচাৰি কিছুদিন পূৰ্বে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই কেন্দ্রীয় মন্ত্রী কুমাৰ স্বামীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে মুখ্য সচিব ডঃ ৰবি কোটায়ো কেন্দ্রীয় গুৰু উদ্যোগ দপ্তৰৰ সচিব কামৰাণ ৰিজভিক বিষয়টো সন্দৰ্ভত অৱগত কৰিছিল ।

ভাৰতৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ গোট এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাৰ বিত্তীয় সমস্যাৰ ফলত ৮ হাজাৰৰো অধিক চাহ শ্ৰমিক গভীৰ সমস্যাত পৰিছে । তথ্য অনুসৰি, কেৱল ২০২৩-২৪ বিত্তীয় বৰ্ষত কোম্পানীটোৱে প্ৰায় ১০০ কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হয় । ১৮৬৩ চনত স্কটিছ উদ্যোগী এণ্ড্ৰিউ য়ুলে প্ৰতিষ্ঠা কৰা এই কোম্পানীটোৰ বৰ্তমানৰ দেউলীয়া অৱস্থাই বাগিচাসমূহৰ শ্ৰমিকৰ জীৱন আৰু জীৱিকালৈ গভীৰ সমস্যা কঢ়িয়াই আনিছে ।

লগতে কোম্পানীটোৰ মালিকানাধীন চাহ বাগিচাসমূহত শ্ৰমিকসকলৰ মাজত অশান্তি আৰু আইন-শৃংখলাৰ সমস্যা সৃষ্টিৰ উপক্ৰম ঘটে । প্ৰাপ্য ধন বিচাৰি এই বাগিচাসমূহত শ্ৰমিকসকলে সঘনাই প্ৰতিবাদ চলাই আহিছে ।

বোকাজানৰ চিমেণ্ট উদ্যোগৰ নতুন গোট স্থাপনৰ বাবে ৭০০ কোটি টকা

দেওবাৰে চিমেণ্ট কর্প'ৰেচন অব ইণ্ডিয়াৰ বোকাজানস্থিত চিমেণ্ট উদ্যোগ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী কুমাৰস্বামীয়ে ৷ এই উদ্যোগটোৰ এটা নতুন গোট স্থাপনৰ বাবে ৭০০ কোটি টকা বিনিয়োগ কৰা হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে ফেম ইণ্ডিয়া নীতিৰ অসমত সঠিক আৰু উচিত ব্যৱহাৰৰ তেওঁ শলাগ লয় । কার্বন-ডাই-অক্সাইড নির্গমন হ্ৰাসৰ বাবে কেন্দ্ৰীয় চৰকাৰে ই-বাছ ক্ৰয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি সংবাদমেলত উল্লেখ কৰি চৰকাৰে বেটাৰী চার্জিং ষ্টেচন স্থাপনৰ বাবে দুহেজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথাও কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

আনহাতে, দেশত সম্প্রতি ৭০ হেজাৰ চার্জিং ষ্টেচনৰ কাম চলি থকা বুলিও তেওঁ সাংবাদিকৰ আগত অৱগত কৰাৰ লগতে কেন্দ্রীয় চৰকাৰে আন ১৮ হেজাৰ ই-বাছ ক্ৰয় কৰাৰ বাবে আগবঢ়া বুলিও জনায় । ইয়াৰ লগতে অসমত এই কাম সন্তোষজনকভাৱে আগবাঢ়ি থকা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক :২০ শতাংশ বোনাছৰ দাবীত পানীতোলা চাহ বাগিচাত উত্তাল প্ৰতিবাদ - Panitola Tea Estate Protest
লগতে পঢ়ক :উৎকট গৰম: বাগানত পাত তুলি থাকোতেই অচেতন ২৫ শ্ৰমিক - Heatwave in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.