ETV Bharat / international

ভাৰতৰ বাবে এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যৎ হৈছে এক প্ৰতিশ্ৰুতি- ৰাষ্ট্ৰসংঘৰ মজিয়াত নৰেন্দ্ৰ মোদীৰ মন্তব্য - PM Modi at UN summit

author img

By ANI

Published : 3 hours ago

Summit of The Future: আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ‘Summit of The Future’ ত দিয়া ভাষণত মানৱতা ৰক্ষাৰ বাবে ভাৰত দায়বদ্ধ বুলি উল্লেখ কৰিছে ৷ লগতে তেওঁ বিশ্বৰ প্ৰতিষ্ঠানসমূহত সংস্কাৰৰ বাবেও আহ্বান জনায় ৷

Summit of The Future
ৰাষ্ট্ৰসংঘৰ মজিয়াত নৰেন্দ্ৰ মোদী (ANI)

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: মানৱতাৰ স্বাৰ্থ ৰক্ষাৰ বাবে ভাৰত দায়বদ্ধ বুলি আমেৰিকাত দৃঢ়তাৰে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেওঁ কয়, ‘‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যৎ’’ দেশৰ এক দায়বদ্ধতা । ৰাষ্ট্ৰসংঘৰ ‘Summit of The Future’ত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিছে আৰু বহনক্ষম উন্নয়ন সফল হ’ব পাৰে বুলি দেখুৱাইছে ।

"ভাৰতৰ বাবে এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত এটা প্ৰতিশ্ৰুতি । এই প্ৰতিশ্ৰুতি আমাৰ ‘‘এক পৃথিৱী, এক স্বাস্থ্য’’ আৰু ‘‘এক সূৰ্য, এক বিশ্ব, এক গ্ৰীড’’ আদি পদক্ষেপতো প্ৰতিফলিত হৈছে । মানৱতাৰ স্বাৰ্থ ৰক্ষা আৰু বিশ্ব সমৃদ্ধিৰ বাবে চিন্তাৰে ভাৰতে সকলো কাম কৰি যাব ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷

তেওঁ প্ৰযুক্তিৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰৰ বাবে বিশ্ব পৰ্যায়ত সুষম নিয়ন্ত্ৰণৰ আহ্বান জনায় । "প্ৰযুক্তিৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰৰ বাবে বিশ্ব পৰ্যায়ত সুষম নিয়ন্ত্ৰণৰ প্ৰয়োজন । আমাক বিশ্বব্যাপী ডিজিটেল শাসনৰ প্ৰয়োজন, যিয়ে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু অখণ্ডতাক ৰক্ষা কৰাটো নিশ্চিত কৰে । ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি বিশ্ববাসীৰ বাবে এখন দলং হ'ব লাগে, বাধা নহয় । ভাৰতে নিজৰ ডিজিটেল আন্তঃগাঁথনি সমগ্ৰ বিশ্বৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ সাজু হৈছে ।" ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় ৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সফলতাৰ অভিজ্ঞতাসমূহ গ্ল’বেল চাউথৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে । তেওঁ কয় যে মানৱতাৰ সফলতা যুদ্ধক্ষেত্ৰত নহয়, "সামূহিক শক্তি"ত নিহিত হৈ আছে ।

"জুন মাহত অনুষ্ঠিত হোৱা মানৱ ইতিহাসৰ বৃহত্তম নিৰ্বাচনত ভাৰতৰ মানুহে মোক তৃতীয়বাৰৰ বাবে তেওঁলোকৰ সেৱা কৰাৰ সুযোগ দিছিল । আজি মই আপোনালোকৰ মাজলৈ মানৱতাৰ এক ষষ্ঠাংশৰ কণ্ঠ আনিবলৈ আহিছো । যেতিয়া আমি বিশ্বৰ ভৱিষ্যতৰ কথা আলোচনা কৰোঁ, আমি মানৱকেন্দ্ৰিক দৃষ্টিভংগীক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব ।" মোদীয়ে লগতে কয় ৷

"বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ সমান্তৰালকৈ আমি মানৱ কল্যাণ, খাদ্য, স্বাস্থ্য সুৰক্ষাও নিশ্চিত কৰিব লাগিব । ভাৰতৰ ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰি আমি প্ৰমাণ কৰিছো যে বহনক্ষম উন্নয়ন সফল হ'ব পাৰে । আমি আমাৰ সফলতাৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ সাজু । মানৱতাৰ সফলতা যুদ্ধক্ষেত্ৰত নহয়, আমাৰ সামূহিক শক্তিত নিহিত হৈ আছে ।’’- প্ৰধানমন্ত্ৰী মোদীৰ ভাষ্য ৷

তেওঁ বিশ্বৰ প্ৰতিষ্ঠানসমূহত সংস্কাৰৰ আহ্বান জনাই সংস্কাৰক প্ৰাসংগিকতাৰ চাবিকাঠি বুলি অভিহিত কৰে । তেওঁ লগতে কয়, "গোলকীয় শান্তি আৰু উন্নয়ন নিশ্চিত কৰাৰ বাবে বিশ্বৰ প্ৰতিষ্ঠানসমূহত সংস্কাৰৰ প্ৰয়োজন । সংস্কাৰেই প্ৰাসংগিকতাৰ চাবিকাঠি । নতুন দিল্লীৰ শীৰ্ষ সন্মিলনত আফ্ৰিকান ইউনিয়নৰ জি-২০ৰ স্থায়ী সদস্যপদ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল ।"

তেওঁ আৰু কয় যে সন্ত্ৰাসবাদ বিশ্ব শান্তিৰ বাবে এক ভয়াৱহ ভাবুকি । "এফালে সন্ত্ৰাসবাদ বিশ্ব শান্তি আৰু নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি হৈয়েই আছে যদিও আনফালে চাইবাৰ, সামুদ্ৰিক আৰু মহাকাশ সংঘাতে নতুন ভাবুকি হিচাপে আত্মপ্ৰকাশ হৈছে । এই সকলোবোৰ বিষয়ত মই জোৰ দিম যে গোলকীয় উচ্চাকাংক্ষাৰ বিশ্বব্যাপী কাৰ্যৰ মিল থাকিব লাগিব ।"

ৰাষ্ট্ৰসংঘৰ ‘Summit of The Future’ ত বিশ্বৰ নেতাসকলে ভৱিষ্যতৰ বাবে চুক্তি গ্ৰহণ কৰে য’ত গ্ল’বেল ডিজিটেল কম্পেক্ট আৰু ভৱিষ্যৎ প্ৰজন্মৰ ঘোষণা অন্তৰ্ভুক্ত কৰা হয় । এই চুক্তিখনে শান্তি আৰু নিৰাপত্তা, বহনক্ষম উন্নয়ন, জলবায়ু পৰিৱৰ্তন, ডিজিটেল সহযোগিতা, মানৱ অধিকাৰ, লিংগ, যুৱক-যুৱতী আৰু ভৱিষ্যত প্ৰজন্ম, বিশ্ব শাসনৰ ৰূপান্তৰকে ধৰি বহুতো বিষয়বস্তু সামৰি লৈছে । (ANI)

লগতে পঢ়ক: শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক - PM Modi US visit

আমেৰিকাত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বিশেষ বৈঠক - Quad Summit 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.